
নগাওঃ নগাঁৱত গৃহ কন্দলত নিমজ্জিত হৈ পৰিছে আমছুৰ নেতা-কৰ্মী। ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ-প্ৰতিভিযোগত ব্যস্ত হৈ পৰিছে৷ বৃহস্পতিবাৰে নগাঁৱত সংখ্যালঘু সংগঠন আমছুৱে নগাঁৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি এটা সংগঠন জন্ম দি নিজকে সংখ্যালঘু ছাত্ৰ-নেতা বুলি জাহিৰ কৰি ফুৰা আমছুৰ কমৰুজ জামান সৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷
আমছু নেতাজনৰ কাম-কাজত ক্ষোভিত হৈ তেওঁৰ বিৰুদ্ধে সংবাদমেলৰ জৰিয়তে বিভিন্ন অভিযোগ উত্থাপন কৰি সোচ্চাৰ হৈ পৰা নগাঁও আমছু৷ এতিয়া আমছুৰ নেতা-কৰ্মীৰ অভিযোগ-প্ৰতিভিযোগে সমগ্ৰ নগাঁও জিলাত ব্যাপক চৰ্চা লাভ কৰিছে।
নগাঁও জিলাৰ অন্তৰ্গত ৰাইদঙীয়াৰ সমীপৰ শংকৰ-আজান বিদ্যাপীঠত আমছুৰ কমৰুজ জামান সৰকাৰ গোটৰ নগাঁও জিলা সমিতিৰ সভাপতি মাইনুল ইছলামে এক সংবাদমেলত অনুষ্ঠিত কৰি কমৰুজ জামান সৰকাৰৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন কৰি তেওঁক দালাল আখ্যা দিয়ে।
আনকি কমৰুজ জামানে ক্ষমতা আৰু অবৈধভাবে ধন উপাৰ্জনৰ স্বাৰ্থত আমছুক বিপথে পৰিচালিত কৰি আহিছে বুলি মন্তব্য আগবঢ়ায়৷ জিলা সভাপতিজনে লগতে কয় যে-কমৰুজ জামান সৰকাৰে কেৱল মাত্ৰ নিজৰ মুনাফা আহৰণৰ অৰ্থে দীৰ্ঘদিনে আমছুক ব্যৱহাৰ কৰি অহাত ছাত্ৰ সংগঠনটোৰ সন্মান বহুখিনি লাঘৱ হৈছে৷ সেয়ে আমি সকলো তেওঁৰ লগৰ পৰা আঁতৰি আহিছো আৰু এতিয়াৰ পৰা আমছুৰ সেই গোটৰ লগত আমাৰ কোনো সম্পৰ্ক নাথাকিব বুলি কয়৷