10
Sep
2017

ইটাখোলাঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সন্দৰ্ভত আজি বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ মূখ্য কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়৷
সংবাদমেলত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বাৰেচহৰীয়া ভাওনা মহোৎসৱভাগ আগন্তক বৰ্ষৰ ১, ২, ৩, আৰু ৪ মাৰ্চত অনুষ্ঠিত কৰা হ’ব বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰে৷
সংবাদমেলখনত উদযাপন সমিতিৰ প্ৰধান সম্পাদকদ্বয় ভৱ গোস্বামী আৰু গনেশ পাঠকৰ উপৰিও বিত্ত সম্পাদক তুৱা বৰা আৰু বিভিন্ন উপ-সমিতি সমূহৰ বিষয়বৱীয়া সকল উপস্থিত থাকে৷ এই অনুষ্ঠানতে বাৰেচহৰীয়া ভাওনাৰ এখন পৰিপূৰিকাও উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই৷