23
Sep
2017

গুৱাহাটীঃ চাকমা আৰু হাজং সকলে নিজৰ পাবলগীয়া অধিকাৰ বিচাৰি চৰকাৰলৈ আবেদন জনাই আজি গুৱাহাটী প্ৰেচ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰে।
নাগৰিকত্ব থকা সত্বেও উচিত অধিকাৰ সমুহৰ পৰা চাকমা আৰু হাজং জনগোষ্ঠীৰ লোক সকল সদায় বঞ্চিত হৈ আহিছে। চাকৰি নিযুক্তিৰ পৰা বঞ্চিত, ৰেচন কাৰ্ডৰ অধিকাৰ পৰা বঞ্চিত আদি বিভিন্ন ক্ষেত্ৰৰ পৰা বঞ্চিত এই সকল লোকৰ হৈ দাবী জনায় ৰাইট ক'জ (right cause)ৰ সভাপতি মহেন্দ্ৰ চাকমাই।
১৯৬০ চনৰ আগৰে ম্যাদী পট্টা থকা আৰু ভোটাৰ লিষ্টত নাম থকা এই সকল জনগোষ্ঠীৰ লোকক আজিও অসমৰ বাসিন্দা জ্ঞান নকৰি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে চৰকাৰে৷ আনহাতে ১৯৭০ৰ পাছৰ বাংলাদেশী লোকসকলক সকলো ক্ষেত্ৰতে অধিকাৰ দিয়াৰ বিৰোধীতা কৰে আজিৰ সভা খনৰ জৰিয়তে।