ডিব্ৰুগড়ঃ ৰাজ্যৰ কৃষকসকল সদায় লাঞ্চিত-বঞ্চিত৷ কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিচ মূল্য নোপোৱাৰ লগতে চৰকাৰ প্ৰদান কৰা আঁচনি বিভিন্ন আঁচনিৰ পৰা বঞ্চাত হয় ৰাজ্য খনৰ কৃষকসকল৷ তাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে কৃষকক বঞ্চিত কৰাৰ এক ভয়াবহ খবৰ৷ ভুৱা নথি পত্ৰৰে কৃষকক ঋণ প্ৰদানৰ নামত ডিব্ৰুগড় জিলাৰ এটা অজ্ঞাত স্বেচ্ছাসেৱী অনুষ্ঠানে লাখ লাখ টকা লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে। তথাকথিত এন জি অৰ প্ৰৱঞ্চনাৰ বলি হৈছে ডিব্ৰুগড়ৰ বহু কৃষকে।

দৰিদ্ৰ কৃষকৰ একাউন্টৰ পৰা এন জি অই লাখ লাখ টকা লুটি নিয়াৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কৃষকৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি থকা বুলি দাবী কৰা 'কৃষক' নামৰ তথাকথিত বে-চৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি ভুৱন গগৈ আৰু এইচ ডি এফ চি বেংকৰ কৰ্মচাৰী লোহিত গগৈয়ে মিলি জিলাখনৰ ৮০গৰাকী কৃষকৰ প্ৰায় ৩ কোটি ২০ লাখ টকা আত্মাসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বৃহস্পতিবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত একাংশ কৃষকে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি আৰু প্ৰৱঞ্চক বেংক কৰ্মচাৰীৰ বিৰুদ্ধে ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰে। কৃষকৰ অভিযোগ অনুসৰি ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰমাইৰ 'কৃষক' নামৰ এটা এন জি অৰ সভাপতি ভূৱন গগৈয়ে দুবছৰ পূৰ্বে এন জি অৰ সদস্যভৰ্তিৰ বাবে তেওঁলোকক অনুৰোধ কৰিছিল। আনহাতে এন জি অত সদস্যভৰ্তি কৰা ব্যক্তিসকলক কৃষি ঋণ দিয়াৰ কথা কোৱাত লোকসকলে অধিক উৎসাহিত হৈ পৰে। যাৰ বাবে তেওঁলোকে কোনোধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ এন জি অৰ সদস্যৰ পদ গ্ৰহণ কৰে।

সদস্য পদ গ্ৰহণৰ ১৫ ২০ দিনৰ পিছত ভুৱন গগৈয়ে বেংক কৰ্মচাৰী লোহতি গগৈৰ উপস্থিতিত ডিব্ৰুগড়ৰ সুমন হোটেলত ব্যক্তিসকলক মাতি আনি তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰে। এক সপ্তাহৰ পিছত তেওঁলোকৰ নামত মোকলাই দিয়া হৈছিল কৃষি ঋণ। ঋণ আৱন্টন দিয়াৰ পিছতে ভুৱন গগৈ আৰু লোহিত গগৈয়ে তাধিকাৰীসকলৰ নামত একোটাকৈ বেংকৰ একাউন্ট খুলি স্বাক্ষৰসহ দুখনকৈ চেক লয়। ৪ৰ পৰা ৫ লাখ টকা পৰ্যন্ত আত্মসাৎ কৰি বৰ্তমান পলাতক দুই প্ৰৱঞ্চকে অৱশ্যে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পূৰ্বেই ধন ঘূৰাই পাইছিল ১ৰ পৰা ২ লাখলৈ।

কিন্তু শেহতীয়াকৈ এইছ ডি এফ চি বেংকৰ পৰা অহা ঋণ অনাদায় পত্ৰখনক লৈ বিপাঙত পৰিছে ভূক্তভোগী হিতাধিকাৰীসকলে। তেওঁলোকৰ মতে ভুৱন গগৈ আৰু লোহিত গগৈয়ে ধন আত্মসাত কৰাৰ পিছত আমি কেনেকৈ ঋণৰ সুদ পৰিশোধ কৰিম। আমি সাধাৰণ উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া একো একোজন লোক। আমাৰ উপাৰ্জন বুলিবলৈ বিশেষ একো নাই। উল্লেখ্য যে জিলাখনৰ ৰহমৰীয়া গেনিচুকৰ নিবাসী নিখিল ৰঞ্জন শৰ্মাৰ নামত ৬ লাখ ৫৪ হাজাৰ টকা ঋণ আৱন্টন পোৱাৰ বিপৰীতে শৰ্মাই লাভ কৰিছিল মাত্ৰ ২ লাখ টকা।

একেদৰে ডিব্ৰুগড়ৰ ১ নং চিৰিংহোলাৰ দেৱজিত দুৱৰীয়ে ৪ লাখ ৫০ হাজাৰ টকাৰ বিপৰীতে ১ লাখ ৫০ হাজাৰ টকা, নিজ ৰহমৰীয়াৰ ৰঞ্জন দত্তই ৪ লাখৰ বিপৰীতে ২ লাখ টকা, ১ নং চিৰিংহোলা গাঁৱৰ ক্ষিৰোদ গগৈয়ে ৪ লাখ টকাৰ বিপৰীতে ১ লাখ ৫০ হাজাৰ টকা, নাহৰসাঁকোৰ অৰূপজ্যোতি দত্তই ৬ লাখ টকাৰ বিপৰীতে ২ লাখ ৩০ হাজাৰ টকা, ৰমাই বঙালী গাঁৱৰ তুলেন গগৈয়ে ৭ লাখ টকাৰ বিপৰীতে ৩ লাখ টকা, ২ নং চিৰিংহোলা গাঁৱৰ দেৱেশ্বৰ গগৈয়ে ৪ লাখ ৫০ হাজাৰ টকাৰ বিপৰীতে ৯০ হাজাৰ টকা লাভ কৰিছিল।

আননহাতে দুই প্ৰৱঞ্চকে দণ্ডাধীশ আৰু অধিবক্তাৰ জৰিয়তে ভুৱা নথিপত্ৰৰে ঋণ মোকোলাই দি লাখ লাখ টকা সৰকোৱাৰ অভিযোগ উত্থাপন হয়। এই ক্ষেত্ৰত বেংক পৰিচালকৰ বিৰুদ্ধেওঁ আঙুলি উঠিছে ভুক্তভোগীসকলে। ইপিনে ঘটনা সন্দৰ্ভত দুই প্ৰৱঞ্চকৰ বিৰুদ্ধে ভূক্তভোগীসকলে যোৱা ২০১৭ বৰ্ষৰ ১০ নৱেম্বৰতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। ইতিমধ্যে ভূক্তভোগীসকলে দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪৬৭ গোচৰ ৰুজু হৈছে। ১২ নৱেম্বৰতে এই সংক্ৰান্তত গোচৰ ৰুজু হোৱাৰ পিছতো দুই প্ৰৱঞ্চকৰ লগতে তথাকথিত এন জি অটোৰ বিৰুদ্ধে আৰক্ষীয়ে এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ভূক্তভোগীসকলে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে।