
ডিব্ৰুগড়ঃ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক প্ৰতাৰণা কৰিছে চৰকাৰে৷ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী৷ আজি ডিব্ৰুগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰা বুলি আৱেগিক হৈ পৰে।
সংবাদমেলত গুৱাহাটী উচ্চ ন্যায়ালয়ে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰী সকলক মাহিলী পূৰ্ণকালীন পেঞ্চন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ অমান্য কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক তথা কৰ্মচাৰীসকলে।
ফলত অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকল তীব্ৰ আৰ্থিক সংকটত ভুগিছে। আনকি অসম বিধান সভাই ২০১৩ চনত আইন প্ৰণয়ন কৰি পেঞ্চন দিয়াৰ ব্যবস্থা কৰিছিল যদিও সেই আইন কাৰ্যকৰী নকৰি চৰম মইমতালি প্ৰদৰ্শন কৰিছে চৰকাৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
আজি ডিব্ৰুগড়ত অনুষ্ঠিত সংবাদমেলত ক্ষোভ প্ৰকাশ কৰি বিশ্ববিদ্যালয় খনৰ পেঞ্চনাৰ সন্থাই পেঞ্চন প্ৰদান কৰাৰ পৰিৱৰ্তে চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পেঞ্চনাৰ সংকলৰ মাজত বিভাজন মূলক কেতবোৰ নীতি গ্ৰহণ কৰি চূড়ান্ত নিকৃষ্ট কাণ্ডত লিপ্ত হৈছে বুলি কয়।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰয়োজন অনুসাৰে ধন নথকাৰ অজুহাত দেখুৱাই ২০১৩ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰাপ্য মাহিলী পেঞ্চনৰ মাত্ৰ এক তৃতীয়াংশ ধন পেঞ্চন হিচাপে দিছিল যদিও ২০১৫ চনৰ পৰা তাকো নিদিয়া হ'ল।
আনকি পেঞ্চন লাভ নকৰাকৈয়ে ১৮০ গৰাকীয়ে ইহ-সংসাৰৰ পৰা বিদায় মাগিলে বুলিও দুখ প্ৰকাশ কৰে সন্থাই। শিক্ষামন্ত্ৰী তথা চৰকাৰক এই সন্দৰ্ভত বহু আবেদন-নিবেদন কৰিছে যদিও তিলমানো গুৰুত্ব নিদিয়ে। ফলত ন্যায়ালয়ৰ কাষত চপাত ২০১৬ চনৰ ১১ মে'ত ৰায়দান প্ৰদান কৰি তিনিমাহৰ ভিতৰত পেঞ্চন মুকলি কৰিবলৈ নিৰ্দেশ দিছিল যদিও চৰকাৰৰ সদিচ্ছাৰ অভাৱত সকলো ফুটুকাৰ ফেনত পৰিণত হয়।
আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী সকলে বহু বছৰৰ আগৰে পৰা সম্পূৰ্ণ পেঞ্চন লাভ কৰি আহিছে যদিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেঞ্চনাৰসকলক কিয় বঞ্চিত কৰা হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে সন্থাৰ সভাপতি ভূপেন্দ্ৰ নাথে।
বহুবল্কী শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই পেঞ্চন মোকলাই দিব বুলি ঘোষণা কৰিছিল যদিও কাৰ্যকৰী নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে।
২০১৩ চনৰ পূৰ্বে অৱসৰ লোৱা শিক্ষক-কৰ্মচাৰীক গ্ৰেছুৱেটি আৰু ২০১৩ চনৰ পিছত অৱসৰ লোৱাসকলক পেঞ্চন দিবলৈ গ্ৰহণ কৰা নীতি কেতিয়াও মানি লোৱা নহ'ব বুলি কৈ দিলে সকলোকে দিব লাগিব বুলিও দাবী উত্থাপন কৰে সন্থাই। সংবাদমেলত সন্থাৰ সভাপতি ভূপেন্দ্ৰ শইকীয়া, সম্পাদক চন্দ্ৰকমল ক'ৰকে ধৰি ভালেসংখ্যক বিষয়-ববীয়া উপস্থিত থাকে৷