
newsnextone.com | ধিংঃ দেওবাৰে ধিঙৰ বিধায়ক আমিনুল ইছলামে এখন সংবাদ মেল অনুষ্ঠিত কৰি হোজাইৰ বিধায়ক শিলাদিত্য দেৱক তীব্ৰ আক্ৰমণ কৰে৷
বিজেপিৰ বিধায়ক শিলাদিত্য দেৱক সন্দেহজনক বাংলাদেশী লোক আখ্যা দি শিলাদিত্য দেৱক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিব লাগে বুলি দাবী জনায় বিধায়কগৰাকীয়ে। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ দেওবাৰে ধিঙস্থিত গড়কাপ্তানী পৰিদর্শন বঙলাত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই মন্তব্য প্ৰকাশ কৰে।
বিধায়ক আমিনুল ইছলামে শিলাদিত্য দেৱক প্ৰত্যহ্বান জনাই কয় যে শিলাদিত্য দেৱে এনআৰচিৰ কামত বাংলাদেশী লোক জৰিত হৈ থকা বুলি দাবী কৰিছে৷ যদি বাংলাদেশী লোক জৰিত হৈ আছে তেন্তে এজন লোকৰ নাম ৰাজহুৱা কৰক। প্ৰকৃততে শিলাদিত্য দেৱে এনআৰচিৰ প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ এনেদৰে বিৰূপ মন্তব্য কৰি আহিছে বুলি কয় আমিনুলে।
ইমানে নহয় আমিনুলে শিলাদিত্যৰ পিতৃৰ নামত লিগেচি ডাটা নথকাৰ অভিযোগ উত্থাপন হৈ আহিছে বুলি কৈ বিদেশী ন্যায়াধিকৰণে শিলাদিত্যক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিব লাগে বুলি দাবী কৰে। শিলাদিত্য দেৱেৰ দৰে একাংশ বঙালী আগ্ৰাসনবাদী নেতাই অসমখনত এক বঙালী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ ব্লু-প্ৰিণ্ট ৰচনা কৰি আছে। বিধায়ক আমিনুলে প্ৰাক্তন উপাচার্য তপোধীৰ ভট্টাচাৰ্যই অসমীয়া জাতিক লৈ কৰা মন্তব্যক ধিক্কাৰ দিয়ে।