গুৱাহাটীঃ চৰকাৰে আমাক অযোগ্য বুলি কৈ চাকৰি দিব খোজা নাই৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলত অনুষ্ঠিত কৰি সদৌ অসম মাধ্যমিক অতিৰিক্ত(ঠিকাভিত্তিক) শিক্ষক সন্থাই এই অভিযোগ কৰে৷ সন্থাৰ সভাপতি জয়ন্ত শইকীয়াই ২০১০ বৰ্ষতে অসমৰ মাধ্যমিক বিদ্যালয়সমূহত ৬ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছিল বুলি কৈ কেন্দ্ৰীয় চৰকাৰৰ লগত বুজাবুজিৰে জিলা উপায়ুক্তৰ তত্বাৱধানত শিক্ষক সকলক স্থায়ী নিযুক্তিৰ পৰিবৰ্তে ঠিকাভিত্তিক নিযুক্তি দিয়া হৈছিল বুলি কয়।

বিগত চৰকাৰৰ দিনতে এই শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া অাৰম্ভ হৈছিল যদিও কাৰ্যকৰী ন’হল। ফলত শিক্ষক সকল ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া হয়। ২০১৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তদানীন্তন চৰকাৰৰ শেষৰ খন কেবিনেটত ন্যায়ালয়ৰ ৰায়ৰ নিৰ্দেশ অনুযায়ী সকলো শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত গ্ৰহন কৰিছিল।

কিন্তু বৰ্তমান সময়ত চৰকাৰে যোগ্য-অযোগ্যৰ কাৰণ দৰ্শাই সকলো শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া বন্ধ ৰখাত এতিয়া শিক্ষকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অানিছে। ৰাজনৈতিক চক্ৰান্তই হাজাৰ হাজাৰ শিক্ষকৰ জীৱনলৈ অন্ধকাৰ নমাই অানিছে। ঠিকাভিত্তিক শিক্ষক সন্থাই পূৰ্বৰ প্ৰক্ৰিয়া অনুযায়ী ঠিকাভিত্তিক সকলো শিক্ষকক স্থায়ী নিযুক্তি দিব লাগে বুলি আজি সংবাদ মেল যোগে দাবী চৰকাৰক দাবী জনায় সদৌ অসম মাধ্যমিক অতিৰিক্ত(ঠিকাভিত্তিক) শিক্ষক সন্থাই।

শিক্ষক সকলৰ স্থায়ী নিযুক্তিৰ পূৰ্বে চৰকাৰে অনুষ্ঠিত কৰিব বিচৰা মাধ্যমিক টেট বন্ধ ৰখাৰ দাবীয়ো জনায়। অাগন্তুক শিক্ষক দিৱস পালনৰ পৰা বিৰত থকাৰ কথাও উল্লেখ কৰে। অতি সোনকালে চৰকাৰে শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে শিক্ষা অায়ুক্তৰ বিৰুদ্ধে জংগী অান্দোলন গঢ়ি তোলাৰ লগতে শিক্ষামন্ত্ৰী অাৰু মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৰাজভৱন ঘেৰাও কৰাৰ হুংকাৰ দিয়ে অসম মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক সন্থাই।