
গুৱাহাটীঃ আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে গুৱাহাটী মহানগৰীত আজি খেল সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ কেইবাটাও সমস্যা সন্দৰ্ভত মত ব্যক্ত কৰে৷
বিশেষকৈ ৰাজ্যত সক্ৰিয় হৈ থকা বিদ্ৰোহী সংগঠন সন্দৰ্ভত মত ব্যক্ত কৰে আধ্যাত্মিক গুৰুগৰাকীয়ে৷ ৰাজ্যত সক্ৰিয় আঠটাকৈ বিদ্ৰোহী সংগঠনৰ লগতে উত্তৰ পুৰ্বাঞ্চলৰ ৬৭ টাকৈ সংগঠনৰ সৈতে আলোচনা কৰি থকা বুলি কয় আধ্যাত্মিক গুৰুগৰাকীয়ে৷
শান্তি প্ৰক্ৰিয়াত সকলোকে চামিল কৰিবলৈ কাম কৰি থকা বুলি কয় ৰবিশংকৰে৷ আনহাতে ৰাজ্যৰ কেইবাটাওঁ জ্বলন্ত সমস্যাৰ বাবে কাম কৰি যোৱাৰো ইচ্ছা প্ৰকাশ কৰি বান আৰু গৰাখহনীয়াৰ কথা উল্লেখ কৰে আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে৷
আনহাতে আলফাৰ সচিব অনুপ চেতিয়াই শান্তি আলোচনাৰ বাবে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাও আহিব বুলি মন্তব্য আগবঢ়ায়৷
প্ৰাক্তন আলফা তথা উত্তৰ পুৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনে লগলাগি গঠন কৰা নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপুলছ কনফাৰেঞ্চে মহানগৰীৰ কলাক্ষেত্ৰত আয়োজন কৰা এখন আলোচনা সভাতো আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷
আলোচনা সভাত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ নেতা, সমাজকৰ্মী, বিশিষ্ট নাগৰিক উপস্থিত থাকি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰসংগও উত্থাপন হয়।