newsnextone.com | বোকাজানঃ মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডকমকা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডিফুত এখন সংবাদ মেল অনুষ্ঠিত কৰি দোষীক উপয়ুক্ত শাস্তি দিয়াৰ পোষকতা কৰে৷ 

পৰিষদৰ তৰফৰ পৰা নিলোৎপল আৰু অভিজিতৰ পৰিয়াললৈ ৫লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে তুলিয়ে৷ ঘটনা সংঘটিত হোৱা ঠাই কাণ্ঠিলাংচ’ত নিলোৎপল আৰু অভিজিতৰ আৱক্ষ প্ৰতিমূৰ্তি নিমাৰ্ণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে পৰিষদে৷ তুলিয়ে সমাজৰ সকলো প্ৰকাৰৰ লোকক শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।