প্ৰতীকি ফটো
প্ৰতীকি ফটো

নগাঁওঃ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাকে ধৰি ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদ’লৰ চোৱা-চিতাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাই দিয়াৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ শাসক বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই আহিছে৷ 

অসমৰ স্বাভিমান জড়িত হৈ থকা জাতীয় জীৱনৰ পৰিচয়স্বৰূপ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডৰ বণিক গোষ্ঠীক চমজাই দিবলৈ বিচৰা সিদ্ধান্তক লৈ ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে৷ 

সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ কাজিৰঙাকে প্ৰমুখ্য কৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল, ৰংঘৰ, কাৰেংঘৰ আদিক চোৱাচিতাৰ বাবে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ ওলোৱা এনে সিদ্ধান্ত অসমীয়া জাতীয় স্বাভিমানৰ প্ৰতি চৰম অপমান বুলি অভিহীত কৰি সংগঠনটোৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব বুলি কয়৷

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে এক বিবৃতিৰ জৰিয়তে জাতি, মাটি, ভেটিৰ কথা কোৱা অসম চৰকাৰখনে এনেদৰে জাতীয় ঐতিহ্য আৰু গৌৰৱক সুৰক্ষা দিবলৈ সক্ষম নহৈ ইয়াৰ সুৰক্ষাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক দিবলৈ বিচাৰে তেন্তে এনে চৰকাৰৰ প্ৰয়োজনেই বা ক’ত বুলি প্ৰশ্ন উত্থাপন কৰে৷ 

তদুপৰি সভাপতিগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰক এনে জাতিদ্ৰোহী তথা অসম বিৰোধী সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰি এই সম্পদসমূহৰ সুৰক্ষা, উন্নয়ণ আৰু বিকাশত মনোনিবেশ কৰিবলৈ আহ্বান জনায়৷ অন্যথা ইয়াৰ বিৰুদ্ধে অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে ৰাজ্যৰ সকলো শুভ বুদ্ধিসম্পন্ন লোকক লৈ তীব্ৰ ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিছে৷