
ৰঙিয়াঃ লাঞ্চিত-বঞ্চিত আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহত নিম্ন মজুৰীত কৰ্মৰত তৃতীয় বৰ্গৰ শিক্ষা স্বেচ্চাসেৱক, ভড়াল ৰক্ষক আৰু চতুৰ্থ বৰ্গৰ ৰান্ধনী, সহায়কাৰী, চকীদাৰ আৰু মালীসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত দীৰ্ঘ দিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ সভাপতি আব্দুৰ ৰাজীৱ আৰু সম্পাদক বিনন্দ বসুমতাৰীয়ে এক বিবৃতি যোগে ৰাজ্যখনৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহত কৰ্মৰত তৃতীয় বৰ্গৰ শিক্ষা স্বেচ্চাসেৱক, ভড়াল ৰক্ষক-তত্বাৱধায়ক আৰু চতুৰ্থ বৰ্গৰ ৰান্ধনী, সহায়কাৰী, চকীদাৰ আৰু মালীসকলে যথাক্ৰমে ৬৫০০ টকা আৰু ৪০০০ টকাৰ বিনিময়ত ২৪ ঘন্টাই কৰ্তব্য পালন কৰি আহিছে যদিও চৰকাৰে আজিকোপতি এইসকল কৰ্মচাৰীৰ শ্ৰমৰ উচিত মৰ্যদা দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে৷
কৰ্মীসকলে অাধাতে বিদ্যালয় এৰা আৰু কোনোদিনে বিদ্যালয়লৈ নোযোৱা শিশু শ্ৰমিকসকলক বুজাই বঢ়াই আৱাসিক কেন্দ্ৰলৈ আনি দিনে নিশাই তেওঁলোকক শিক্ষাদান কৰি ৫-৬ বছৰৰ পাঠ্যক্ৰম ১-২ বছৰৰ ভিতৰতে আয়ত্ব কৰোৱাই শিক্ষিত কৰি তোলাৰ অভিযানত ব্ৰতী হৈ থাকে৷ কষ্টকৰ কাম কৰি নিয়াৰিকৈ তেওঁলোকৰ দায়িত্ব পালন কৰি আহিছে৷
এইসকল কৰ্মীয়ে দিনে নিশাই আৱাসিক কেন্দ্ৰসমূহত থাকি ২৪ ঘন্টাই সেৱা আগবঢ়াই এক সামাজিক দায়িত্ব পালনৰ লগতে গভীৰ মানবীয়তাৰ পৰিচয় দি আহিছে৷ কিন্তু পৰিতাপৰ বিষয় যে অতি নিম্নমানৰ মাননিৰ পৰিপ্ৰেক্ষিতত এইসকল কৰ্মচাৰীৰ আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ আাকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত কৰ্মচাৰীৰ মাননি দিন হাজিৰা শ্ৰমিকতকৈয়ো কম বুলি কয়৷ কৰ্মচাৰীৰ বহুতেই উচ্চ ডিগ্ৰীধাৰী হোৱাৰ পিছতো চৰকাৰৰ তেওঁলোকৰ প্ৰতি কোনো অনুকম্পা প্ৰকাশ কৰা নাই৷
এইসকল কৰ্মচাৰীক আজি পৰ্যন্ত চাকৰিৰ কোনো নিশ্চয়তা প্ৰদান কৰা হোৱা নাই৷ ৰাইজৰ মাজত এইসকল কৰ্মচাৰী চৰকাৰী চাকৰিয়াল হিচাপে জনাজাত যদিও তেওঁলোকৰ চাকৰি নামতহে যদিও সামাজিকভাৱে এইসকল কৰ্মচাৰী আজি শোষিত আৰু বঞ্চিত৷ এনে পৰিপ্ৰেক্ষিতত সংস্থাই চৰকাৰক শীঘ্ৰে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ লগতে তেওঁলোকক চাকৰি বিধি আৰু বিত্তীয় বিধিৰ অন্তৰ্ভূক্ত কৰিবলৈ দাবী উত্থাপন কৰে৷