
গুৱাহাটীঃ ম্যানমাৰত অত্যাচাৰৰ সন্মুখীন হৈ বাংলাদেশত থিতাপি লৈ থকা ৰোহিংগীয়া শৰাণাৰ্থীয়ে অসমত প্ৰৱেশ কৰি কেইবাদিন ধৰি বাহৰ পাতি যোৱাৰ লগতে অসমৰ বিভিন্ন ঠাইত ৰোহিংগীয়া শৰণাৰ্থী ধৰা পৰা কাৰ্যই অসমীয়া জাতিৰ বাবে ভয়াবহ ভৱিষ্যতৰ ইংগিত বুলি মন্তব্য কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে৷
এক বিজ্ঞপ্তিযোগে তেওঁ কয় যে ইয়াৰদ্বাৰা আমি বুজিব লাগিব যে দুই-এজন ৰোহিংগীয়া শৰাণাৰ্থী অসমত সোমাইছে যদিও সুবিধা পালে যে লাখে লাখে ৰোহিংগীয়া শৰণাৰ্থী অসমত প্ৰৱেশ কৰাবলৈ সুবিধা বিচাৰি আছে৷
চেগা-চোৰোকাকৈ ৰোহিংগীয়াই অসম তথা ভাৰতত প্ৰৱেশ কৰাৰ বাবে দায়ী অসমৰ একাংশ মুষ্টিমেয় বাংলাদেশৰ প্ৰতি দৰদ থকা লোক আৰু অসম তথা ভাৰত চৰকাৰ।
বিশাল নিৰাপত্তাবাহিনীয়ে ভাৰত-বাংলা সীমান্তত পহৰা দি থকা অৱস্থাত ৰোহিংগীয়াসকল অসম-ভাৰতত প্ৰৱেশ কেনেকৈ কৰিলে তাৰ শীঘ্ৰে তদন্ত হওক। বিয়োগোম সেনা-অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে সীমান্তৰ সুৰক্ষাত নিয়োজিত হৈ থকাৰ সময়তে ৰোহিংগীয়াই অসমত সোমাই কেনেদৰে বিচৰণ কৰি গ’ল আৰু সদায় অসমত ধৰা পৰিছে তাৰ উচিৎ তদন্ত হওক৷
কোনো নিৰাপত্তাৰক্ষীয়ে নিজৰ কৰ্তব্য পালন কৰাত গাফিলতি কৰি ৰোহিংগীয়াক অসম-ভাৰতত সোমাই আহিবলৈ সহায় কৰিছে নেকি? অসমৰপৰা বিদেশী খেদিম বুলি ৰাইজৰ ভোট লৈ চৰকাৰ গঠন কৰা দলটোৱে বিদেশী খেদা দূৰৰ কথা বিদেশী দেশত সোমাবলৈহে ধৰাত অসমীয়া জাতি আজি চিন্তিত।
কিন্তু চৰকাৰৰ লোকসকলে ৰোহিংগীয়া ৰোহিংগীয়া কৈ চিঞৰি থকাৰ পৰিবৰ্তে থাকিলে ৰোহিংগীয়া প্ৰব্ৰজন বন্ধ নহয় ৰোহিংগীয়া শৰণাৰ্থী যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ দাবী কৰে নেতাজনে৷
শাসকীয় বি জে পিক আক্ৰমণ কৰি তেওঁ কয়, শাসনত নথকাৰ সময়ত বিদেশী বহিষ্কাৰৰ কথা কৈ ভোট আদায় কৰিছিল আপোনালোকে। বৰ বৰ কথা কৈ শাসনলৈ অহাৰ পিছতো যদি বিদেশী অসমলৈ সোমাই আহে তেন্তে শাসনত থকাৰ আপোনালোকৰ অধিকাৰ নাই বুলি আমি অনুভৱ কৰিছো। মুঠৰ ওপৰত সীমান্ত সুৰক্ষা দিয়াত আপোনালোক বিফল হৈছে। আনহাতে অসমত থকা বাংলাদেশী প্ৰেমিসকলক অসম চৰকাৰে চিনাক্ত কৰক। অসমলৈ ৰোহিংগীয়ক সোমাই অহাত সহায় কৰা বিশেষ ধৰ্মীয় অনুষ্ঠানখনৰ লগতে ৰোহিংগীয়াক অসমত অবাধে বিচৰণ কৰাত সহায় কৰা জমিয়ত উলেমা-ই হিন্দৰ মৰিগাঁও জিলা সমিতিৰ সভাপতিকে ধৰি অন্যান্য লোকসকলক তদন্তৰ আওতাত আনি শীঘ্ৰে আটক কৰক আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰক। ৰোহিংগীয়াৰ সহায় কৰিবৰ বাবে পত্ৰ প্ৰচাৰ কৰা আৰু মৈৰাবাৰীত ৩ দিন থাকি হোজাইলৈ যাত্ৰা কৰা ৰোহিংগীয়া শৰণাৰ্থীৰ দলটোক সহযোগ কৰা প্ৰতিগৰাকী লোকক তদন্তৰ আওতালৈ অনাৰ আমি দাবী জনাইছো৷ কোনো ৰোহিংগীয়া শৰণাৰ্থীক অসমত সংস্থাপন কৰিব বিচৰা লোকসকলক আমি চিনি পাইছো৷
এই সকল লোকে অসমত তেওঁলোকৰ সংখ্যা বৃদ্ধি কৰিব খোজে৷ এইসকল লোকেই অসম আৰু অসমীয়াৰ প্ৰধান শত্ৰু৷ ধৰ্মীয় সংগঠন-অনুষ্ঠানটোৰ বিৰুদ্ধে এক উচিত তদন্ত কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে।