
গুৱাহাটীঃ ওদালগুৰি জিলাত বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাসমূহ ৰাইজক জনাবলৈ আয়োজন কৰা হয় 'নিউ ইণ্ডিয়া চৌপাল’ শীৰ্ষক অনুষ্ঠান। ৫ৰপৰা ৮ মাৰ্চলৈ কলাইগাঁঁও, হৰিশিঙা আৰু ওদালগুৰি মহকুমাত অনুস্থিত হোৱা এই নিউ ইণ্ডিয়া চৌপালত ডেৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে বুলি এক বিজ্ঞপিতত প্ৰকাশ। নিউ ইণ্ডিয়া চৌপাল ৰাজ্যৰ বিভিন্ন চহৰ আৰু গাঁৱত মাৰ্চৰ দ্বিতীয় সপ্তাহলৈকে অনুষ্ঠিত কৰা হয়৷
অনুষ্ঠানত বিভিন্ন চৰকাৰী আঁচনিসমূহৰ কেইজনমান হিতাধিকাৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে চৰকাৰী আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ ভিডিঅ’ প্ৰদৰ্শন কৰা হয়। এই হিতাধিকাৰীসকল কেনেদৰে আঁচনিসমূহৰপৰা লাভৱান হৈছে সেই বিষয়ে তেওঁলোকৰ নিজ মুখেৰে সভাত ব্যাখ্যা কৰে।
স্থানীয় শিল্পীয়ে প্ৰদৰ্শন কৰা নাট, লটাৰী আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ দৰে মনোৰঞ্জনৰ কাৰ্যসূচীও গ্ৰহণ কৰা হয়। অনুষ্ঠানত প্ৰতিখন জিলাৰ বাসিন্দাসকলক বিভিন্ন চৰকাৰী আঁচনিৰ উল্লেখেৰে প্ৰচাৰ-পত্ৰ আৰু তথ্য-সামগ্ৰী প্ৰদান কৰা হয়। বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বিষয়ে এটা বিশেষ প্ৰদৰ্শনীৰে তথ্য প্ৰদান কৰি দৰ্শনাৰ্থীসকলক বিভিন্ন আঁচনিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ উৎসাহিত কৰা হৈছিল। দৰ্শনাৰ্থীসকলৰ বাবে তেওঁলোকৰ বাৰ্তাসমূহ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ 'জন কী বাত’ বুথৰ ব্যৱস্থা কৰা হয়।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চত দেশৰ ৩১৮ খন জিলাত ‘নিউ ইণ্ডিয়া চৌপাল’ নামৰ ৮,০০০ প্ৰচাৰ কাৰ্যসূচীৰ আয়োজন কৰে। ‘নিউ ইণ্ডিয়া চৌপাল’ৰ লক্ষ্য হৈছে সামগ্ৰিকভাৱে সামাজিক–অৰ্থনৈতিক বিকাশৰ বাবে ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ মাধ্যমেৰে লাভ কৰা সফলতাসমূহ ৰাইজৰ আগত দাঙি ধৰা। এই কাৰ্যক্ৰমৰ মূল ধাৰণাটো হৈছে বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে জনসাধাৰণক তথ্য প্ৰদানেৰে সজাগ কৰা আৰু তেওঁলোকক নিজকে ইয়াত নিয়োজিত কৰিবলৈ উৎসাহিত কৰা।