Megami Tensei Wiki - Fandom
Megami Tensei Wiki - Fandom

ডিজিটেল ডেস্কঃ বিধান সভাত প্ৰেতাত্মাৰ প্ৰৱেশ ঘটিছে৷ প্ৰেতাত্মাই হানি-বিঘিনি ঘটাব পাৰে৷ সোনকালে আত্মাক ধৰি বাহিৰ কৰিব লাগে বিধান সভা চৌহদৰ পৰা৷ এয়া কোনো সাধুকথাৰ এটা অংশ নহয়৷ এয়া যেন বাস্তৱ প্ৰচাৰহে ভাৰতবৰ্ষত৷ উচ্চ শিক্ষিত, সজাগ, সচেতন মানুহৰ সমৱেত হোৱা ঠাই বুলি ভবা বিধান সভাৰ মজিয়াত এতিয়া ভয়-আশংকাৰ পৰিৱেশ৷

২১ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় যাত্ৰাৰ সময়তেই ৰাজস্থান বিধান সভাৰ চৌহদত পুৰোহিত মাতি আনি মন্ত্ৰ উচ্চাৰণ কৰি ধূপ-ধুনা জ্বলাই খেদিব লগা হ’ল প্ৰেতাত্মা৷ এই কাণ্ড সংঘটিত হ’ল ৰাজস্থান বিধান সভাৰ চৌহদত৷ বিধায়ক সকলৰ মতে, ভূতৰ ছাঁয়া পৰিছে বিধান সভাৰ চৌহদত৷ ২০০ আসনৰ বিধান সভা কোনো দিনে সম্পূৰ্ণ নহয় বুলি কয়৷

কেতিয়াবা কোনো সদস্যই পদত্যাগ কৰে, কাৰোবাৰ অকাল মৃত্যু হয়৷ এই অভিযোগ উত্থাপন হৈ অহাৰ মাজতে মঙলবাৰে বিজেপি বিধায়ক সিং চৌহানৰ আকস্মিক মৃত্যু হোৱাৰ পিছৰে পৰা এই প্ৰচাৰক সত্য বুলি ভাবিবলৈ ধৰে একাংশ বিধায়কে৷ অশুভ আত্মাৰ প্ৰৱেশ কৰা বুলি একাংশ বিধায়ক শংকিত হৈ পৰে৷ অশুভ আত্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ ইয়াৰ পূৰ্বে ছৱাইন ফ্লুত আক্ৰান্ত হৈ ৰাজস্থানৰ বিজেপি বিধায়িকা কৃতী কুমাৰীৰ মৃত্যু হৈছিল৷

তাৰ পিছতে বিএছপিৰ বিধায়ক এগৰাকীয়ে হত্যাৰ অভিযোগত জেল যাব লগা হৈছিল৷ ইমানে নহয় বিধায়ক মহীপাল সিং, মাল খান সিং আৰু বাবু লাল নাগে হত্যাৰ অভিযোগত জেল যাব লগা হয়৷ একাংশ বিধায়কে আশংকা কৰা মতে, ৰাজস্থান বিধান সভাৰ গৃহ শ্মশানত নিৰ্মাণ হৈছে৷ জানিব পৰা মতে, ৰাজসস্থান বিধান সভাৰ গৃহৰ কিছু নিলগত আছে ৰাজহুৱা শ্মশান৷

যাৰ বাবে এনে অবৈজ্ঞানিক কথাক লৈ ভয়ত কম্পমান হৈ পৰিছে একাংশ বিধায়ক৷ নগাপুৰৰ বিজেপিৰ বিধায়ক হবিবুৰ ৰহমানে কয়, বিধান সভাৰ গৃহ নিৰ্মাণ হোৱা ঠাইত শ্মশানৰ আৱৰ্জনা পেলোৱা ঠাই আছিল৷ ভগৱানেহে জানে সেই ঠাইত আৱৰ্জনাৰ সৈতে কি আছিল৷ হয়তো সেই ঠাইত শিশুৰ দেহ পেলোৱা হৈছিল৷ যাৰ বাবে সেই ঠাইত অশুভ আত্মাই ঘুৰি ফুৰে৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়া বুলিও জানিব পৰা গৈছে৷

ডিজিটেল ইণ্ডিয়াৰ কথা কৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দল বিজেপিয়ে চৰকাৰ চলাই থকা ৰাজস্থানত এনে অদ্ভুত কথাই বিজ্ঞানক ভেঙুচালি কৰাৰ দৰেই হৈছে৷