Vikaspedia
Vikaspedia

নগাঁওঃ পৰিবৰ্তনৰ বহু আশাৰে ৰাইজে ক্ষমতাৰ গাদীত বহোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কাৰ্যকালৰ মাত্ৰ এটা বছৰতে পৰিবৰ্তনৰ নামত অসমবাসীক দিছে একপ্ৰকাৰে কেকোঁৰা চেপা৷ প্ৰতিদিনে জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধিহে হৈ আহিব ধৰাত সৰ্বস্তৰৰ ৰাইজ অভাৱনীয় সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷

এনে এক পৰিবেশৰ মাজতে শেহতীয়াভাৱে ভাদ মাহৰ গইনা লৈ বণিক গোষ্ঠীয়ে বিভিন্ন সামগ্ৰীৰ দৰ অকল্পনীয়ৰূপত বৃদ্ধি ঘটোৱাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘাইকৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁৱতো পবিত্ৰ ভাদ মাহত প্ৰয়োজন হোৱা শৰাই আৰু মাহ-প্ৰসাদৰ সামগ্ৰীৰ দাম এতিয়া আকাশলংঘী হৈ পৰাত ৰাইজে ত্ৰাহি মধুসূদন সোঁৱৰিছে৷

স্মৰ্তব্য যে, অসমীয়া কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনা বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাভাগ এই মাহতে অনুষ্ঠিত হৈ অহাৰ হেতু অসমীয়া সমাজত যুগ যুগ ধৰি ভাদ মাহটো পবিত্ৰ মাহৰূপে জ্ঞান কৰি অহা হৈছে৷ সেয়ে গোটেই মাহটোত ভক্তপ্ৰাণ ৰাইজে প্ৰতিদিনে পৰম আন্তৰিকতাৰে নাম-কীৰ্তনত মত্ত হৈ ভক্তিৰস প্ৰাণ কৰে৷ ইফালে এই নাম-কীৰ্ত্তনৰ অন্তত ভক্তই পাল পাতি আগবঢ়োৱা শৰাই আৰু মাহ-প্ৰসাদৰ সামগ্ৰী ভাগ-বতৰা কৰি সকলোয়ে খোৱাৰ লগতে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়৷

কিন্তু বৰ্তমান এই শৰাই আৰু মাহ-প্ৰসাদৰ অতি প্ৰয়োজনীয় মগুমাহ, বুটমাহ, আদা, চাউল আদিৰ দৰে বিভিন্ন ফল-মূল আৰু ধূপ-ধূণাৰ দাম সীমাহীনভাৱে বৃদ্ধি হোৱাত ৰাইজে চকুৰ্ ধোঁৱা-কোঁৱা দেখিছে৷

পৰিণতিত ভক্তই নিজৰ মনোবাঞ্চা পূৰণাৰ্থে ইশ্বৰৰ ওচৰত শৰাই আৰু নৈবদ্য তথা মাহ-প্ৰসাদ আগবঢ়াবলৈ মন কৰিও থমকি ৰ’বলৈ বাধ্য হৈছে৷ পবিত্ৰ ভাদ মাহটোট প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা অসাধু চক্ৰটোকনিয়ন্ত্ৰন কৰিবলৈ ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷