খাৰুপেটীয়াঃ ৰাজ্যত সৰ্বত্ৰে কেৱল বান আৰু বান৷ নিজৰ মৰমৰ ঘৰখন পানীত ডুবিছে৷ বুকুত সেউজীয়াৰ গোন্ধ লৈ বাঢ়ি অহা পথাৰখনো বানে উচন কৰিছে৷ খাবলৈ এতিয়া এমুঠি ভাতৰ বাবে হাহাকাৰ৷ জীয়াতু ভোগা ৰাইজ এতিয়া সৰ্বশ্ৰান্ত৷

উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পাচলি উৎপাদন কেন্দ্ৰ হিচাপে খ্যাত দৰং জিলাৰ খাৰুপেটীয়াতো অভাৱনীয় ভাবে হ্ৰাস পাইছে পাচলি উৎপাদন৷ ধাৰাসাৰ বৰষুণ আৰু প্ৰবল বানত একাধিক অঞ্চলৰ কৃষি মাটি বুৰ যোৱাত কৃষক সকলে মুৰে কপালে হাত দিব লগা হৈছে৷

আনহাতে পাচলিৰ নাটনিৰ বাবে উৎপাদন সক্ষম অঞ্চল সমূহত দাম বৃদ্ধি পাইছে৷ বৰ্তমান খাৰুপেটীয়াকে আদি কৰি পাচলি উৎপাদিত সংশ্লিষ্ট এলেকা সমূহ বিশেষকৈ খাৰুপেটীয়াৰ বালুগাঁও, বেছিমাৰী আৰু লালপুলত জিকা প্ৰতি কিলোত ৩০ টকা, তিতা কেৰেলা ৪০ টকা, তিয়ঁহ ৩০ টকা, জলকীয়া ৮০ টকা, পটল ৪০ টকা, লেছেৰী ৩০ টকা, বেঙেনা ৩০ টকা, আলু ২৫ টকা, পিয়াজ ৪০ টকা, ভোল ২০ টকা, বান্ধাকবি ৩০ টকা, ভাত কেৰেলা ৪০ টকাকৈ খুচুৰা মূল্যত বিক্ৰী হৈছে।