ডিজিটেল ডেস্কঃ চলিত মাহৰ ১৬ তাৰিখৰ পৰা প্ৰতিদিনে সলনি হ’ব পেট্ৰল-ডিজেলৰ মুল্য৷ চৰকাৰী তৈল প্ৰতিষ্ঠানসমুহে সলনি কৰিব এই মুল্য৷

পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগত হোৱা এক বৈঠকৰ পিছতেই এই কথা ঘোষণা কৰিছে চৰকাৰী তৈল প্ৰতিষ্ঠানসমুহে৷ বৰ্তমান পেট্ৰ’ল পাম্পসদুহত এই মুল্যৰ সলনি প্ৰত্যেক ১৫ দিনৰ অন্তত হৈ আছে৷ কিন্তু ১৬ জুনৰ পৰা প্ৰত্যেকদিনাই মূল্যৰ সালসলনি ঘটিব৷

১মেৰপৰা পণ্ডীছেৰী বিশাখাপট্টনম, উদয়পুৰ, জামছেদপুৰ আৰু চণ্ডীগড়ত এই সালসলনিৰ এক পৰীক্ষণমূলক আঁচনি লৈছিল তৈল প্ৰতিষ্ঠানসমুহে৷ উল্লেখ্য যে আন্তৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ মুল্যৰ ওপৰত ভিত্তি কৰি ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মুল্য নিৰ্ধাৰণ কৰা হয়৷