গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ জিজ্ঞাসা শৰণীয়াই গৌৰৱ কঢ়িযাই আনিলে ৰাজ্যখনলৈ৷ উত্তৰ প্ৰদেশৰ মথুৰাত অনুষ্ঠিত আন্তৰ্জাতিক বিভিন্ন ভাষিক মহোৎসৱ মোহন ৰং মহোৎসৱ-২০১৭ত গোৰেশ্বৰৰ জিজ্ঞাসা শৰণীয়াই অসমলৈ বিশেষ খ্যাতি কঢ়িয়াই আনিছে।

ৰঙিয়াৰ সন্দীপ কলিতা সমন্বয়ী কলাকেন্দ্ৰৰ পৰা জিজ্ঞাসা শৰণীয়াই একক নৃত্য (চেমি ক্লাচিকেল) প্ৰতিযোগিতাত যোগদান কৰি নিম্ন শাখাত প্ৰথম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে ৰাজ্য খনলৈ। জিজ্ঞাসাই বিচাৰকৰ বিশেষ উদগনি মূলক বটাঁও লাভ কৰে। জিজ্ঞাসা

শৰণীয়া শংকৰদেৱ শিশু নিকেতন, ৰঙিয়াৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আৰু বাক্সা জিলাৰ গোৰেশ্বৰৰ গুৰমৌ গাঁৱৰ প্ৰভাত চন্দ্ৰ শৰণীয়া আৰু চয়নিকা পাঠক শৰণীয়াৰ কন্যা। তেওঁৰ এই খ্যাতিত উৎফুল্লিত হৈ পৰিছে বিদ্যালয় খনৰ লগতে গুৰমৌ বাসী ৰাইজ।