
কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ শনি মন্দিৰৰ পূজাৰী নিখিল দেৱনাথৰ হত্যাকাণ্ডই ২৪ ঘন্টা অতিক্ৰম কৰিলে যদিও অদ্যপি আৰক্ষীয়ে হত্যাকাণ্ডটোৰ সৈতে জড়িত থকা দূৰ্বৃত্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ৷
অৱশ্যে আৰক্ষীয়ে কালিয়েই হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে যদিও তদন্তৰ খাতিৰত আটকাধীন লোক দুজনৰ নাম প্ৰকাশৰ পৰাও বিৰত আছে ৷
ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে অসম আৰক্ষীৰ এডিজিপি মুকেশ আগৰৱালাই যোৱাকালিৰে পৰা কোকৰাঝাৰত বাহৰ পাতি হত্যাকাণ্ডটোৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষন কৰি আছে ৷
আজি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত আগৰৱালাই কয় যে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে সকলো দিশ চালিজাৰি চাইহে হত্যাকাণ্ডটোৰ সৈতে কোন জড়িত আছে সেয়া স্পষ্ট হ'ব৷
আনহাতে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে আজি দূৰ্বৃত্তই হত্যা কৰা পূজাৰী নিখিল দেৱনাথৰ বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গৰ ভাষ্য গ্ৰহণ কৰিছে৷
কোকৰাঝাৰত ঘনে প্ৰতি সংঘটিত হোৱা হত্যাকাণ্ডই সাধাৰণ ৰাইজৰ উদ্বিগ্ন কৰি তোলাৰ লগতে হত্যাকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে দেখুওৱা বিফলতাকো সন্দেহৰ চকুৰে চাইছে।