
ডিব্ৰুগড়ঃ শিৱসাগৰ জিলাত বিজেপিৰ ১০ টা গ্ৰাম্য মণ্ডলৰ সভাপতি নিৰ্বাচনকলৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। মঙলবাৰে মণ্ডল সমূহৰ সভাপতিৰ নাম ঘোষণা কৰিলে যদিও দলটোৱে দুখন ভিন্ন তালিকা প্ৰকাশ কৰাত বিমোৰত পৰিছে তৃণমূল কৰ্মী সমূহ।
আনকি ইয়াকেলৈ ফেচবুকত দলীয় বিষয়ববীয়া তথা কৰ্মীৰ মাজত ব্যাপক তৰ্ক বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে। আনকি কোনো কোনোৱে তালিকাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভিতৰুৱা কেতবোৰ অন্তঃকন্দলো সদৰী কৰিছে। মঙলবাৰে নিশাৰ ভাগলৈ দলটোৰ শিৱসাগৰৰ তৃণমূল কৰ্মী তথা সাধাৰণ লোকৰ মাজতো একেকেইটা পদৰ দুখন তালিকা ভাইৰেল হৈ পৰে।
এইখিনিলৈকে ঠিকেই আছিল যদিও এখন তালিকাত জিলাখনৰ খেলুৱা গ্ৰাম্য মণ্ডলৰ সভাপতি হিচাপে নৱজিৎ বৰপাত্ৰগোঁহাইক নিযুক্তি দিয়া দেখুওৱাৰ বিপৰীতে আন এখন তালিকাত একেটা মণ্ডলৰ বাবে উক্ত পদত ৰাণা কোৱঁৰক নিযুক্তি দিয়া দেখুওৱা হৈছে। এতিয়া প্ৰকৃততে কাক খেলুৱা মণ্ডলৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে তাকলৈ বিবুধিত পৰিছে ৰাইজ। সেইদৰে নাজিৰা গ্ৰাম্য মণ্ডলৰ সভাপতি হিচাপে এখন তালিকাত দিগন্ত গগৈৰ নাম থকাৰ বিপৰীতে আন এখন তালিকাত ৰাজীৱ বৰুৱাৰ নাম উল্লেখ আছে।
একেই অৱস্থা বিজেপিৰ গৌৰীসাগৰ গ্ৰাম্য মণ্ডলত। গৌৰীসাগৰ গ্ৰাম্যমণ্ডলৰ বাবে এখন তালিকাত টিংকু সাধনীদাৰ নাম আৰু আন এখনত আছে পুলিন দাসৰ নাম। আনহাতে এখন তালিকাত দলটোৰ উৰ্ধ্বতম তথা শীৰ্ষ নেতাৰ চহী জাল কৰা হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে দলৰ একাংশ বিষয়ববীয়া তথা কৰ্মীয়ে।