লখিমপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে অসম আৰু অসমীয়া অস্তিত্বৰ বিপদাপন্ন কৰাৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে লখিমপুৰত লখিমপুৰ নাগৰিক সমাজে উৰুকাৰ দিনা লখিমপুৰৰ ৰাজপথত প্ৰবল প্ৰতিবাদ কৰে । 

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সেউজ সংকেতত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন লোকসভাত গৃহীত কৰে। আনহাতে অদ্যপি ৰাজ্যসভাত বিধেয়কখন গৃহীত নহলেও অহা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হব লগা বাজেট অধিবেশনত বিধেয়কখন গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দৃঢ় পদক্ষেপ হাতত লৈছে । সেইসূত্ৰে অসমীয়াৰ ভবিষ্যৎ বিজেপি দলৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত এৰি নিদিবলৈ ৰাজ্যজুৰি যি প্ৰতিবাদ অব্যাহত আছে তাৰ সমান্তৰালভাৱে লখিমপুৰতো বিধেয়কখনৰ বিৰুদ্ধে আজি লখিমপুৰ নাগৰিক সমাজে প্ৰবল প্ৰতিবাদ কৰে ।