গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটী মহানগৰীৰ ন’মাইল অঞ্চল৷ আমচাং অভয়াৰণ্যত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক৷ পুৱাৰে পৰা উচ্ছেদ অভিযানৰ বিৰুদ্ধে সমবেত হোৱা হাজাৰ হাজাৰ লোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি ক্ষোভ ব্যক্ত কৰে৷

প্ৰতিবাদৰ নেতৃত্ব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰে। থলুৱাক  উচ্ছেদ বন্ধ কৰাৰ দাবীত হাজাৰ হাজাৰ লোক ওলাই অহাত প্ৰশাসনে সেও মানে৷ কামৰূপ জিলা প্ৰশাসনে প্ৰতিবাদকাৰীৰ উগ্ৰমুৰ্ত্তী দেখি উচ্চেছ বন্ধ কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়৷

ভুমিপুত্ৰ খিলঞ্জীয়াক অসম চৰকাৰে অবৈধভাৱে উচ্ছেদ কৰা কাৰ্যক লৈ কৃষক নেতা অখিল গগৈয়ে প্ৰথমৰ পৰাই মাত মাতি আহিছিল৷ আমচাং অভয়াৰণ্যত বসবাস কৰা লোকসকল বান গৰাখহনীয়াত সকলো হেৰাই ধেমাজি, লখিমপুৰ আদি অঞ্চলৰ পৰা অহা বুলি দাবী কৰি আহিছিল৷

দীৰ্ঘদীনীয়া জল্পনা-কল্পনাৰ অন্তত আমচাং অভয়াৰণ্যত হাতী, এক্সেভেটৰ বৃহৎ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক লগত লৈ কামৰূপ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল যোৱা ২৫ আগষ্টত৷ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ২৭-২০১৩ নম্বৰৰ নিৰ্দেশ মৰ্মে আজি বন বিভাগৰ সহযোগত উচ্ছেদ অভিযান চলাই জিলা প্ৰশাসনে৷

২৫ আগষ্টৰ পুৱা ৯ বজাৰ পৰা প্ৰায় বিশটা হাতী, কেইবাখনো এক্সেভেটৰ সহ প্ৰায় ১৫০০ অৰ্ধসামৰিক আৰু আৰক্ষীৰ লোক উপস্থিত হয় মহানগৰীৰ বতাহঘুলি অঞ্চলত৷ উচ্ছেদৰ খবৰ প্ৰচাৰ হোৱাৰ পাছৰে পৰা উত্তেজনাই বিৰাজ কৰি থকা  আমচাং অভয়াৰণ্যত উচ্ছেদৰ বাবে প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ পাছতে লোকসকলৰ মাজত চেপা উত্তেজনা বিৰাজ কৰিছিল৷

বছৰ বছৰ ধৰি বসবাস কৰি থকা জনগোষ্ঠীয় লোকসকল উচুপি উঠে৷ অবৈধ ভাবে বছৰ বছৰ ধৰি বসবাস কৰি থকা লোকসকলে উচ্ছেদৰ বাবে যোৱা বৃহৎ বাহিনীটো চাৰিটা ভাগত বিভক্ত হয়৷ অভয়াৰণ্য খনৰ পাঞ্জাবাৰী অঞ্চলৰ কলাক্ষেত্ৰ পিছফাল আৰু বতাহঘুলিৰ পাব্লিক স্কুলৰ পথেৰে উচ্ছেদৰ বাবে প্ৰবেশ কৰে৷ আন দুটা দল আমচাং যোৰাবাট আৰু নাৰেংগী-পানীখাইতি অঞ্চলেৰে প্ৰৱেশ কৰি অভয়াৰণ্য খনত উচ্ছেদ অভিযান চলাই৷ আনহাতে গুৱাহাটী উচ্চ ন্যায়লয়ে উচ্ছেদ অভিযান স্থগিতাদেশ জাৰি কৰে৷