গোৰেশ্বৰঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ ভেন্সাৰ শিক্ষানুষ্ঠানৰ হেজাৰ হেজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ সৈতে হেতালি খেলি আছে। যোৱা বিধান সভা অধিৱেশনত প্ৰাদেশিকীকৰণ সম্পৰ্কীয় কেইবাখনো সংশোধনী বিল উত্থাপন কৰা হ'ব বুলি কৈ অৱশেষত এখনো উত্থাপন নকৰি ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক উপলুঙা কৰাই নহয় তেওঁলোকৰ জীৱনলৈও অনিশ্চয়তা নমাই আনিছে। -এই মন্তব্য অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ লহকৰৰ।

শিক্ষামন্ত্ৰী গৰাকীৰ এনে মিথ্যাচাৰ আৰু শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণত বাৰে বাৰে বিলম্ব কৰাৰ প্ৰতিবাদত অহা ২ অক্টোবৰত গান্ধীজয়ন্তীৰ দিনা পুনৰ ৰাজপথত নামিব বুলি ঘোষণা কৰিছে ঐক্যমঞ্চই। আজি দিনৰ ১১ বজাত ৰঙিয়াৰ কেন্দুকোণাত অনুষ্ঠিত ঐক্যমঞ্চৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এক প্ৰেছ বিজ্ঞাপ্তি যোগে জনাইছে লহকৰে।

বিজ্ঞপ্তিটোত আৰু কোৱা হয় যে ৩১ আগষ্টত জিলা বাচনি সমিতিয়ে ৰাজ্যিক বাচনি সমিতিলৈ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ নথি পত্ৰ নিৰীক্ষণ কৰি প্ৰেৰণ কৰা কথা আছিল যদিও আজিকোপতি সেই ব্যৱস্থা হৈ নুঠিল। এনে ধৰণে কেৱল মিছা কথাই কৈ শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে মাহী আইৰ দৰে ব্যৱহাৰ কৰিছে ভেন্সাৰ শিক্ষক কৰ্মচাৰীক।

ইপিনে এইবেলি বিধান সভাত ধিং সমষ্টিৰ বিধায়ক আমিৰুল ইছলামৰ এক প্ৰশ্নৰ উত্তৰত প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়কৰ লগতে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কৰ্মচাৰী প্ৰাদেশিকীকৰণ বিধেয়ক, সংস্কৃত টোল আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ বিধেয়ক মুঠ চাৰি খন বিধেয়ক উত্থাপন কৰিম বুলিও এখনো বিল নানিলে মিথ্যাচাৰী শিক্ষামন্ত্ৰী গৰাকীয়ে।

এনেদৰে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক বিপথে পৰিচালিত কৰি আহিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্পৰ্শকাতৰ এই বিষয়টোক লৈ হতাশাজনক স্থিতি গ্ৰহণ কৰা আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোনো সঠিক পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত অহা গান্ধী জয়ন্তীৰ দিনা দিঘলীপুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।

এখনৰ পিছত এখন বিধান সভালৈ প্ৰাদেশিকীকৰণ বিষয়টো পিছুৱাই থাকি প্ৰতাৰণা কৰাৰ বাবে আয়োজিত প্ৰতিবাদী কাৰ্য্যসূচীত সকলো ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ লহকৰে।