newsnextone.com | দুলীয়াজানঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব বিচৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আহিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, গায়ক, অভিনেতা-অভিনেত্ৰীয়ে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে সৰ্ব প্ৰকাৰৰ লোকে৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত মঙলবাৰে পুৱাৰে পৰা দুলীয়াজান পিপল তলত নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। 

প্ৰতিবাদ কাৰ্যসূচীত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰি জাতি মাটি আৰু ভেটিক বিক্ৰী কৰা এই চৰকাৰখনক তীব্ৰ গৰিহনা দি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীতকৰণৰ বিৰুদ্ধে বৃহত্তৰ অসমীয়া যুৱ আৰু মহিলা মঞ্চই পৰৱৰ্তী সময়তো যুঁজ দি যাব বুলি হুংকাৰ দিয়ে৷