newsnextone.com | আমগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ 

ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি নাগৰিকত্ব সংশোধনী বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত শিৱসাগৰ জিলাৰ আমগুৰিত ৯ জুলাইত কৃষক মুক্তি সংগ্ৰাম সমিতিসহ কেইবাটাও জাতীয়তাবাদী দল-সংগঠনে প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী দল সংগঠন সমূহে বিধেয়খনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এক প্ৰতিবাদী সমদল উলিওৱাৰ লগতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। 

প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্র সন্থা, টাই আহোম যুব পৰিষদ, আহোম জাতীয় গণমঞ্চ, বৃহত্তৰ অসমীয়া যুব মঞ্চৰ লগতে কেইবাটাও জাতীয় দল সংগঠনে অংশ লৈ বিজেপিৰ জাতি বিৰোধী সিদ্ধান্ত বাতিলৰ দাবী জনায়৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, বিজেপি মুৰ্দাবাদ, জাতি বিৰোধী সিদ্ধান্ত মানি লোৱা নহ’ব আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

ইফালে প্ৰায় ৫ সহশ্ৰাধিক লোকে অংশ গ্ৰহণ কৰা প্ৰতিবাদী সভাত উপস্থিত থাকে অসম মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে৷ তেওঁ সভাত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজ্যৰ বিজেপি চৰকাৰে অসম ধ্বংস কৰিব বিচাৰিছে বুলি মন্তব্য কৰে৷ 

তেওঁ কয়, ‘এটা সময়ত আমি কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰিছিলো৷ কিয়োনো কংগ্ৰেছে আমাৰ ওপৰত ১৫ বছৰ শাসন চলাই আমাক লুটি পুতি খাইছিল৷ এই কথা মানুহে জনাৰ পিছতে জনতাই কংগ্ৰেছ বৰ্জন কৰি বিজেপিক ভোট দিয়ে৷ কিন্তু ক্ষমতা লাভৰ ৩ টা বছৰ সম্পূৰ্ণ নৌহওতেই বিজেপিয়ে প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহৰ ইংগিতত অসমৰ জাতিসত্বাক ধ্ব কৰাৰ বাবে উঠি পৰি লাগিছে৷’

সভাত অখিল গগৈয়ে কোনো পধ্যেই অসমৰ ৰাইজে বিজেপিৰ অসমীয়া বিৰোধী সিদ্ধান্ত মানি নলয় বুলি দাবী কৰে৷ তেওঁ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক সকিয়নি প্ৰদান কৰি যদি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে তেন্তে ৰাজ্য জুৰি তীব্ৰ আন্দোলনৰ সৃষ্টি হ’ব বুলি হুংকাৰ দিয়ে৷