
খেৰণিঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি কাৰ্বি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক আকোৱালি লোৱা দম্পতীক সাহায্য দিয়াৰ দাবী জনায়৷ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত আজি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে পাহাৰীয়া জিলাখনৰ জনগোষ্ঠীয় সংগঠনটোৱে৷
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে যোৱা ২৭ জুলাইত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোৱালি লৈছিল এহাল দম্পতীয়ে৷ পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেং থানাৰ অন্তৰ্গত উমখ্ৰেমিত যোৱা ২৭ জুলাইত সংঘটিত হৈছিল এই অঘটন৷ ঘটনা সংঘটিত হোৱাৰ বহু দিন পাৰ হৈ যোৱাৰ পাছতো পৰিয়ালক ক্ষতিপূৰণ নিদিয়াত কাৰ্বি ছাত্ৰ সন্থাই আজি এটি সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷
২৭ জুলাইৰ পুৱা নৱ বিবাহিত হলিনছন ইংলেং (২৫) আৰু মনিকা চিংথংপিয়ে (২০) নিজৰ বাসগৃহৰ পৰা নাতি দুৰৰ নৈ পাৰত ঝুম খেতি চাবলৈ গৈছিল৷ মাকৈলুম-জেৰিকিন্দেং গড়কাপ্তানী পথৰ সমীপতে মাটিত ছিঙি পৰি থকা বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি দুয়োৰে অকাল নৱ বিবাহিত দম্পতী হালৰ অকাল মৃত্যু হয়৷
ঘটনাস্থলীত লগে লগে আৰক্ষীৰ লোক উপস্থিত হৈছিল যদিও বিদ্যুৎ বিভাগৰ লোক উপস্থিত হোৱা নাছিল৷ ঘটনাৰ খবৰ পোৱাৰ পাছতে পৰিষদীয় সদস্য ৰীণা টেৰাংপিয়ে ভূক্তভোগী পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰিছিল৷ দুজন লোকে অকালতে এটি বিভাগৰ বাবে মৃত্যুক আকোৱালি লোৱাৰ পাছতো বিদ্যুৎ বিভাগ তথা বিজেপি চৰকাৰে পৰিয়ালটোক কোনো চৰকাৰী সাহায্য তথা ক্ষতিপূৰণ নিদিয়াত ক্ষোভিত হৈ পৰে ৰাইজ৷
যাৰ বাবে আজি হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ ৰাইজে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ খেৰণি হাইস্কুল খেলপথাৰৰ পৰা কাৰ্বি ছাত্ৰ সন্থাই এই প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰ গ’বেক, বিদ্যুৎ বিভাগ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে খেৰণি বিদ্যুৎবিভাগৰ চৌহদত উপস্থিত হয়৷ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা দম্পতীটোৰ পৰিয়ালক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী জনায় বিদ্যুৎ বিষয়া শ্যামল দত্তক স্মাৰক পত্ৰ প্ৰদান কৰে কাৰ্বি ছাত্ৰ সন্থাই৷