খাৰুপেটিয়াঃ ৰাজ্য চৰকাৰে নিজৰ স্বৈৰাচাৰী চৰিত্ৰৰ প্ৰমাণ দি কিছুদিন পূৰ্বে কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল৷ আনহাতে জেইলৰ ভিতৰত বন্দীত্বৰ জীৱন কটাই থকাৰ সময়তে এইবাৰ আকৌ চৰকাৰে কৃষক নেতাজনৰ ওপৰত জাপি দিলে ৰাষ্ট্ৰদ্ৰোহৰ আৰোপ৷ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা কৃষক নেতা অখিল গগৈক এতিয়া জেইলৰ ভিতৰতে পুনৰ আটক কৰা হল ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত৷

যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষোভত জ্বলি পকি উঠিছে সমগ্ৰ ৰাজ্য৷ বাক স্বাধীনতাত হস্তক্ষেপ কৰি মিছা অভিযোগৰে কৃষক নেতা অখিল গগৈক চৰকাৰ প্ৰশাসনে আটক কৰাত এতিয়া ৰাজ্যত উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে৷

আনহাতে বিভিন্ন দল সংগঠনে তেওঁক বিনাচৰ্তে মুক্তি প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷

আজি কৃষক নেতাজনৰ মুক্তিৰ দাবীত দৰঙতো সাব্যস্ত হয় প্ৰতিবাদ৷ দৰঙৰ বেচিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ মুক্তিৰ দাবী জনায়৷ শতাধিক সমৰ্থকে বিজেপি চৰকাৰ খনৰ স্বৈৰাচাৰীতাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে৷