
চাবুৱাঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বুধবাৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা অনশনৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে৷
সংগঠনটোৱে ৰাজ্যৰ সকলো ঠাইৰ লগতে ডিব্ৰুগড় জিলাতো বানপীড়িতক সাহায্য দিয়া, বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ দাবীত বুধবাৰৰ পৰা ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ডিব্ৰুগড় জিলাত ৰূপায়ণ কৰে।
২ আগষ্ট পুৱা ১০ বজাৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰৰ নেতৃত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত পালন কৰা এই অনশন কাৰ্যসূচীত জিলাখনৰ প্ৰায় ৩ শতাধিক লোকে অনশনত বহে৷
সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক ধৈৰ্য্য কোঁৱৰে বৃহৎ নদীবান্ধ বন্ধ কৰিব নোৱাৰা, বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা নকৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৱল ঘৰিয়ালৰ চকুপানী টুকিবলৈহে অসমলৈ আহিছিল বুলি কয়।
পৰিৱৰ্তনৰ নামত ভোট লোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বানপীড়িতক সকাহ দিব পৰাকৈ কোনোধৰণৰ সাহায্য দিব পৰা নাই বুলিও অভিযোগ কৰে কোঁৱৰে।
পুৱা দহ বজাত অনশনস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে জিলা সহকাৰী আয়ুক্ত ৰুমা ৰামচিয়াৰীয়ে। ইয়াৰ পিছতে অনশনকাৰীসকলক ফলৰ ৰস খুৱাই অনশন ভংগ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মথুৰাম গগৈয়ে।