- উপযুক্ত সন্মান নিদিলে আমি ভাৰতীয় হৈ নাথাকোঁ ,দৰকাৰ হ’লে অসম ভাৰতৰ পৰা আঁতৰি আহিবঃ অখিল গগৈ
- ৰুপহী পুখুৰীৰ পাৰত পলাশ চাংমাইৰ ঘোষণা - “সৰ্বানন্দ যদি ল’ৰাৰজা,হিমন্ত লালুকসোলা বৰফুকন''

ডিব্ৰুগড়ঃ পুনৰ এবাৰ অসমীয়াই সাব্যস্ত কৰিলে এক বিৰাট প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপজা গাঁৱৰ নিচেই ওচৰৰ পানীতোলা ৰুপহী পুখুৰীৰ পাৰত আজি অনুষ্ঠিত হোৱা বিশাল গণ সমাৱেশত একত্ৰিত হ’ল হাজাৰ হাজাৰ প্ৰতিবাদী জনতা৷ সকলোৰে এটাই কথা যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল হ’বই লাগিব ৷
“অসমৰ খাটিখোৱা জনগণক আজি চৰকাৰে পাঁচ হাজাৰ টকীয়া, মহিলাসকলক পাঁচ লাখটকীয়া অনুদানেৰে জুখিব নোৱাৰিব ৷ আমাৰ নিজস্ব অধিকাৰ থাকিব লাগিব ৷ উপযুক্ত সন্মান নিদিলে আমি ভাৰতীয় হৈ নাথাকোঁ ৷ দৰকাৰ হ’লে অসম ভাৰতৰ পৰা আঁতৰি আহিৱ ৷” এনেদৰে উদাত্ত ভাষণেৰে অসমৰ জনগণক নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনালে কৃষক নেতা অখিল গগৈয়ে ৷
নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ বৈদ্যুতিক চেনেল এটাক তেওঁ আগতকৈও কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ অখিলে কয়,“কটনৰ দিনৰপৰাই হিমন্তক শিক্ষা দি আহিছোঁ ৷এতিয়া অখিলৰ নাম শুনিলেই হিমন্তৰ মাথা গৰম হৈ যায় ৷ অসমত এটা চেনেল আছে য’ত কেৱল হিমন্তহে ওলায় ৷” এনেকুৱা ফিউজ চেনেল আজিৰ অসমীয়াই নাচায় বুলিও তেওঁ দোহাৰে ৷
অখিল গগৈয়ে সংগঠন চলাবলৈ কৰপৰা টকা পায় বুলি উঠা অভিযোগৰ প্ৰত্যুত্তৰত তেওঁ কয় ,“হিমন্তৰ কোনো বাপেকৰ পইছাৰে সংগঠন পৰিচালিত নহয় ৷ ঘৰৰ গালি খাই হ’লেও কেনেকৈ সংগঠন চলাই আছোঁ এবাৰ হিমন্তই চাই গলেই বুজিব ৷” মুখ্যমন্ত্ৰী সোণোৱালে মুখ্যমন্ত্ৰীৰ চকীখন যোৱাৰ ভয়তেই বিলখনৰ বিৰুদ্ধাচৰণ নকৰে বুলি অভিযোগ উত্থাপন কৰে ৷ সৰ্বানন্দই মাত মাতিলেই আৰ.এচ.এচে হিমন্তক মুখ্যমন্ত্ৰী পাতি দিব বুলি তেওঁ উল্লেখ কৰে। ঘৰৰ গৃহিণীসকলক উদ্দেশ্যি কৰি তেওঁ কয়,“এতিয়া শুই উঠি আপোনালোকে ঘৰৰ মানুহজনক গালি নিদিব৷ গালি দিব এইজন সৰ্বানন্দ সোণোৱালক ৷ সৰ্বাৰ গাত বহুত ভূত লম্ভিছে গতিকে গাঁওলৈ আহিলে এইজনাক বিহ্লঙনীৰে জাৰিব লাগে”৷
চাহ শ্ৰমিকৰ একাউন্টত টকা জমা দিয়াতকৈ, চৰ্দাৰক ম’বাইল দিয়াতকৈ এই শ্ৰমিকসকলৰ দৰমহাহে বঢ়োৱা উচিত বুলি দোহাৰে ৷ পানীতোলা বৰনামঘৰত চাকি দি আহি সকলোকে এই বিলৰ বিৰুদ্ধে শপত পাঠ কৰোৱাই অখিল গগৈয়ে কয় যে,"৩১ জানুৱাৰীত এইখন বিধেয়ক গৃহিত হ’লে আপোনালোকে নামঘৰত চাকি এগছি দি ওলাই আহিব৷ ৰাজপথ,ৰে’লপথত বহি সকলো অচল কৰি দিবহি ৷”
সভাত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে আছুৱে সৰ্বানন্দক ল’ৰা ৰজা আখ্যা দিয়াৰ প্ৰসংগ টানি আনি কয়,"সৰ্বানন্দ যদি ল’ৰাৰজা, হিমন্ত লালুকসোলা বৰফুকন৷ এই বিল বাতিল নহ’লে আমাক জনজাতিকৰণ নালাগে ৷” আজিৰ জনগণ ৰাজনৈতিকভাৱে বিচক্ষণ নহ’লে সকলো হেৰুৱাব বুলি কৈ এই সুবিধাবাদী ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰক যথোচিত প্ৰতুত্ত্যৰ দিব লাগে বুলি উল্লেখ কৰে ৷
এই সভাত ৭০ জাতীয়-জনগোষ্ঠীৰ হৈ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ,টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি লুইত গগৈ, আটছাৰ সভাপতি ৰাজেন কুমাৰ ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক কণ গগৈ, মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই, মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাস,মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱা, বৃহত্তৰ গণ সন্মিলনৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী ভবেন বৰুৱা আদি কৰি ভালেকেইজন নেতাই ভাষণ দিয়ে ৷ উল্লেখ্য যে আজিৰ প্ৰতিবাদত যোগ দিবলৈ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশিষে পোন্ধৰ সহস্ৰাধিক ৰাইজে সভাৰ অন্তত ৰুপহী পুখুৰীৰ পাৰৰ পৰা পানীতোলাৰ ৰে’লৱে গেটলৈকে খোজকাঢ়ি এক প্ৰতিবাদী সমদল বাহিৰ কৰে৷
ইয়াৰ পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা সভাত ৭০ জাতীয়-জনগোষ্ঠীৰ হৈ অখিল গগৈয়ে কয় " অনাগত ৰাজ্যসভা অধিবেশনত যদি চৰকাৰে এই বিতৰ্কিত বিলখন গৃহীত কৰিব বিচাৰে তেন্তে সমগ্ৰ অসমখনকেই অচল কৰি দিয়া হ’ব৷" লগতে সকলো জনগণক ওলাই আহি এই সৰ্বাত্মক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷