কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত  ১ নং সৰুডিৰাকত এক বিশাল  জন জাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদল বাহিৰ কৰে ।  

বৰডিৰাক ৰাজহুৱা খেলপথাৰৰ পৰা ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু কাকপথাৰ- ডিৰাক অঞ্চলৰ সমূহ জাতীয় জনগোষ্ঠীয় দল-সংগঠন, যুৱক সংঘ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ডিৰাক-কাকপথাৰবাসী ৰাইজৰ  সহযোগত অনুুুষ্ঠিত জন জাগৰণ অনুষ্ঠান আৰু বিক্ষোভ প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰি  প্ৰতিবাদকাৰীসকলে "হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক", "  "নৰেন্দ্ৰ মুদী হুছিয়াৰ", "সৰ্বানন্দ সোনোৱাল গ' বেক", "হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ" "বিজেপি গ’ বেক", "বিজেপি নিপাত যাওঁক","অসম চৰকাৰ হায় হায়", "সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী" আদি বিভিন্ন শ্লগানেৰে আকাশ বতাহ কপাঁই তোলে ।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা  কায্যসূচীত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ,  বিশিষ্ঠ গণশিল্পী ৰাজীৱ শদিয়া, মৰাণ ছাত্ৰ সন্থাৰ উপ সভাপতি দেৱেশ্বৰ মৰাণ, সহকাৰী সম্পাদক প্ৰতাপ মৰাণ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিত মৰাণ, তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ সহকাৰী সম্পাদক দেৱকান্ত বৰুৱা, এচিয় সাধাৰণ সম্পাদক বিপুল ভৈৰৱ বৰুৱা, কাকপথাৰ প্ৰেছ ক্লাৱৰ  উপসভাপতি বিজয় দত্ত, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কাকপথাৰ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা উদীপ্ত বড়া। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ জড়িয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল তোলপাৰ লাগি থকা মাজতে অসম অৰুণাচল সীমান্ত এক ভিতৰুৱা অঞ্চলত উক্ত বিধেয়কখনৰ বিৰুদ্ধে এনে কায্যসূচীত অংশগ্ৰহণ কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক ওলাই আহি ইয়াকে প্রতিপন্ন কৰে যে, অসমক ভাল পোৱা কোনো লোকে এই জাতি ধ্বংসী বিধেয়কখন সমৰ্থন নকৰে ।

কৃষক নেতা বেদান্ত লস্কৰে তেখেতৰ ভাষণত কয় নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিল নকৰিলে ভবিষ্যতে ভয়ংকৰ কাৰ্যসূচী হাতত লোৱা হব বুলি চৰকাৰক সকীয়াই দিয়ে। বিজেপি চৰকাৰৰ যি জাতি ধবংসী বিধেয়ক, সেই বিধেয়ক কোনো কাৰণতেই গৃহীত কৰিবলৈ নিদিয়ে। যদি বিধেয়কখন বাতিল নকৰে তেন্তে জীৱন দিবলৈ হলেও ৰাইজ বদ্ধপৰিকৰ । নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ লগতে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীৰ  পৰা চৰকাৰক অচল কৰি দিবৰ বাবে সকলো ৰাষ্ট্ৰীয় আৰু ৰেল পথ অৱৰোধ কৰাৰ বাবে  ৰাইজে সংকল্প লয়। সকলো ৰাইজক জাতি সুৰক্ষা বাবে  ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰিবলৈ বিভিন্ন দল সংগঠনৰ নেতাসকলে  আহবান জনায়। অন্যহাতে গণ শিল্পী ৰাজীৱ শদিয়াই গীতৰ মাজেৰে ৰাইজক বিলৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়।