- ওদালগুৰিত মেজিৰ বাকৰিতো ক্ষোভৰ বহি:প্ৰকাশ ঘটিল অসমীয়াৰ
- পৱিত্ৰ মেজিৰ জুইত জ্বলিল নাগৰিকত্ব সংশোধনী বিল

ওদালগুৰিঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি চলিছে উত্তাল প্ৰতিবাদ। এই বিধেয়ক বাতিলৰ দাবীত অনশন, ধৰ্ণা, অৰ্ধউলংগ প্ৰতিবাদ, শ্ৰেণী বৰ্জনকে আদি কৰি ৰাজ্যৰ লগতে সংসদ ভৱনৰ চৌহদত উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়াই।
প্ৰজাবিৰোধী ৰজাঘৰীয়াৰ এই নিকৃষ্ট কাণ্ডৰ বাবে সকলোৱে একেমুখে ৰজাঘৰীয়া অৰ্থাৎ চৰকাৰক সমালোচনাৰ সীমা অতিক্ৰম কৰিছে। তাৰ মাজতেই হেপাঁহৰ ভোগালী বিহু। বৰ্তমান ভোগৰ এই ভোগালী বিহুৰ আনন্দ উচাহ শদিয়াৰ পৰা ধুবুৰীলৈ পৰিস্ফুত হোৱা দেখা গৈছে। অৱশ্যে আন বছৰবোৰৰ তুলনাই চৰকাৰৰ খিলঞ্জীয়াবিৰোধী স্থিতি তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৱে এইবাৰৰ ভোগালী বিহুৰ আনন্দ বহু পৰিমাণে ম্লান পেলাইছে।
ৰাজ্যবাসীৰ এই আনন্দ-উৎসাহৰ মাজতে চৰকাৰে যাতে প্ৰতিবাদ দমনৰ সুযোগ লব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মেজিৰ বাকৰিতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ওদালগুৰিৰ এদল যুৱকে। আজি পৱিত্ৰ মেজিৰ জুইত নাগৰিকত্ব সংশোধনী বিধেয়কখন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে তেওঁলোকে। ওদালগুৰি পুৰণি গৰৈবাৰীৰ লক্ষ্মীনাৰায়ণ নামঘৰ প্ৰাঙ্গণত গাওখনৰ ৩২ ঘৰ লোক লগ হৈ এখন আদৰ্শ গাওঁ নিৰ্মাণ কৰিছে। বিশেষকৈ গাওঁখনৰ যুৱকসকলৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা এই মেজিৰ বাকৰিত যুৱকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ। তেওঁলোকে এইবিষয়ে জানিবলৈ দি কয় যে অসমীয়াৰ পৰম্পৰা অনুসৰি মেজিৰ জুয়ে সমাজৰ অপায়-অমঙ্গল তথা অপশক্তি নাশ কৰে। সেয়ে ৰাজ্যৰ বাবে অভিশাপস্বৰূপ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন মেজিৰ জুইত দাহ কৰি "নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, চৰকাৰ মূৰ্দাবাদ, জয় আই অসম" ইত্যাদি শ্লোগান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।
লগতে এই ভেলাঘৰৰ বাকৰিতে শিশুসকলৰ মাজত খেলা-ধূলাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। এনেদৰে ওদালগুৰিত পৱিত্ৰ মেজিৰ বাকৰিৰ পৰাই খিলঞ্জীয়া অসমীয়াই আজি বিৰোধিতা কৰিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ।