
আমগুৰিঃ অখিল গগৈৰ গ্ৰেপ্তাৰক লৈ জ্বলিছে অসম৷ শাসকীয় বিজেপি চৰকাৰৰ শেহতীয়া জাতি বিৰোধী কৰ্মকাণ্ডক লৈ সৰৱ হৈ পৰিছে জাতীয় সংগঠনসমূহ৷ জাতি-মাটি-ভেটিৰ দোহাই দি শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ স্বৈৰাচাৰী শাসনে ভৱিষ্যতে অসমীয়া জাতিৰ অস্তিত্ব সংকটাপন্ন কৰাৰ প্ৰতিবাদত আমগুৰি নগৰত আজি তিনিটিকৈ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷
আহোম জাতীয় গণ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ভুৱা গোচৰত কৃষক নেতা অখিল গগৈ আৰু আলোচনাপন্থী আলফা নেতা জিতেন গগৈক গ্ৰেপ্তাৰ কৰাটোৱে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ফেচিষ্ট ৰূপটোকে উদঙাই দিয়া বুলি সংগঠনকেইটাই অভিযোগ কৰে৷
সংগঠন কেইটাই চৰকাৰ বিৰোধী শ্ল’গানৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতিও দাহ কৰে৷ আৰ আৰ এছে মুকলিভাৱে অস্ত্ৰ প্ৰশিক্ষণ ল’লেও যদি আত্মৰক্ষা হয় তেন্তে অখিল গগৈ, জিতেন দত্তৰ দৰে খিলঞ্জীয়া জাতিৰ হকে ত্যাগ কৰা ব্যক্তি কেনেকৈ ৰাষ্ট্ৰদ্ৰোহী হ’ল তাক লৈ প্ৰশ্ন উথাপন কৰে সংগঠনকেইটাই৷
অনতিপলমে সৰ্বানন্দ সোণোৱাল শাসিত বিজেপি চৰকাৰখনে এনে জাতি বিৰোধী কাৰ্য্যকলাপ ত্যাগ কৰি শীঘ্ৰেই দুয়োজন ব্যক্তিকে বিনাচৰ্তে মুক্তি নিদিলে ইয়াতকৈও তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকিয়নী প্ৰদান কৰে৷