
খৈৰাবাৰীঃ বিশ্ব হিন্দু পৰিষদ আৰু বজৰঙ্গ দলৰ সদস্য সকলে আজি সন্ধিয়া খৈৰাবাৰীত চীনা সামগ্ৰী দাহ কৰাৰ লগতে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
বিশ্ব হিন্দু পৰিষদৰ খৈৰাবাৰীৰ প্ৰখণ্ডৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চীনৰ ভাৰত বিৰোধী কাৰ্য্যকলাপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰাৰ লগতে ৰাজপথত জ্বলালে বহু চীনা সামগ্ৰী৷
প্ৰতিবাদকাৰী চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিছে, চীনৰ পৰা আমদানি বন্ধ কৰক, ভাৰতৰ লাখ লাখ কৰ্ম সংস্থাপন চীনে কাঢ়ি নিছে আদি শ্ল’গানেৰে স্বাভাবিক পৰিৱেশ উত্তাল কৰি তোলে৷ খৈৰাবাৰীৰ ৰাজ পথত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত খৈৰাবাৰী প্ৰখণ্ডৰ সভাপতি সম্পাদক লগতে খৈৰাবাৰীৰ ৰাইজ তথা বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷
এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত খৈৰাবাৰীৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান সমূহত চীনা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷