
Online
শিৱসাগৰঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ নগৰ সমিতি উত্তাল কৰিলে শিৱসাগৰ। ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। সংগঠনটোৱে পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
কেন্দ্ৰীয় চৰকাৰে অতিশ্ৰীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।