কোকৰাঝাৰঃ যি সময়ত চৰকাৰে নমামি উৎসৱৰ নামত কোটি কোটি টকা ব্যায় কৰি আছে তেনে সময়তে গৃহৰক্ষীসকলৰ প্ৰাপ্য দৰমহা মোকলাই নিদিয়াক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে গৃহৰক্ষী সন্থা। গৃহৰক্ষীৰ প্ৰাপ্য দৰমহা আদায়ৰ দাবীত সোমবাৰে গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলাৰ উদ্যোগত কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰৰ শিশু উদ্যানৰ সন্মুখত কেবাশতাধিক গৃহৰক্ষীয়ে পুৱা ১০ বজাৰ পৰা ১১ বজালৈ ধৰ্ণা কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে

 ধৰ্ণাৰ সময়ছোৱাত গৃহৰক্ষীসকলে 'আমাৰ দাবী ন্যাৰ্য দাবী’, 'আমাৰ দাবী মানিবই লগি’, 'বিটিচি চৰকাৰ মুৰ্দাবাদ’ আদি শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে। তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত গৃহৰক্ষীৰ সমস্যা সমাধানৰ দাবীত সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ইপিনে গৃহৰক্ষী সন্থাৰ জিলা সম্পাদক বৰহান কাৰ্জিয়ে বিগত পাঁচমাহে দৰমহা নোপোৱাৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে দৰমহা আদায় নিদিলে কৰ্মবিৰতি পালন কৰাৰ ভাবুকি প্ৰদান কৰিছে। গৃহৰক্ষী সকলে দৰমহা নোপোৱাৰ বাবেই মানসিকভাৱে হতাশাগ্ৰস্থ হৈছে আৰু তেনে হতাশাগ্ৰস্থতাৰ চিকাৰ হৈ গৃহৰক্ষীৰ দুগৰাকীকৈ জোৱানে আত্মহত্যা কৰাৰ অভিযোগ কৰি বৰহান কাৰ্জিয়ে অতি শীঘ্ৰে গৃহৰক্ষীৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।