নাওকাটাঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক দিন দুপৰতে কোকৰাঝাৰৰ তিতাগুৰিত অচিনাক্ত ঘাতকে নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই ৮ দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰ-প্ৰশাসনে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিক্ৰিয়া অব্যাহত আছে সৰ্বত্ৰে।

আজি সন্ধিয়া ৭ মান বজাত বাক্সা জিলাৰ বাঙালীপাৰাত পূৱ ডেফেলী আঞ্চলিক এবিএমছুৰ উদ্যোগত ৯ টাকৈ সংগঠনে লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা তথা হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবীত জোৰ সমদল উলিওৱাৰ লগতে অসম চৰকাৰ হায়ঃহায়ঃ, বিটিচি প্ৰশাসন মুৰ্দাবাদ, হত্যাকাৰী গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়ক, এই জুই জ্বলিছে জ্বলিবই আদি শ্ল’গানেৰে কঁপাই তোলে অঞ্চলটোৰ আকাশ-বতাহ।

হাতে-হাতে জোৰ লৈ ৯টাকৈ সংগঠনৰ কেইবা শতাধিক কৰ্মীয়ে গোবিন্দ চ'কৰ পৰা বাঙালীপাৰা চ'কলৈ সমদল কৰি লাফিকুলক কাপুৰুষৰ দৰে হত্যা কৰা ঘটনাক ধীক্কাৰ দি অতি শীঘ্ৰে হত্যাকাৰী গ্ৰেপ্তাৰ কৰি চিবিআই তদন্তৰ দাবী জনায়। লগতে কোকৰাঝাৰৰ এছ পি ৰাজেন সিঙক নিলম্বনৰ দাবী জনায়।

সমদলত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি আফজল আলি, সম্পাদক টাইচন আলি, পূৱ ডেফেলী এবিএমছু, আছু, এবছু, গোৰ্খা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, আছা, বৰ্মণ-কছাৰী ছাত্ৰ সন্থা, বেংগলী ছাত্ৰ ফেডাৰেচনৰ নেতা-কৰ্মীও উপস্থিত থাকে।