
শিমলুগুৰি/চাবুৱাঃ ৰাজ্যত অব্যাহত আছে কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ৷ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ শিৱসাগৰ শিমলুগুৰিত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
কৃষক নেতা অখিল গগৈৰ মুক্তি দিয়াৰ দাবীত শিমলুগুৰিত ছাত্ৰ মুক্তিৰ শতাধিক সদস্যই ধোদৰ আলি অৱৰোধ কৰে। সংগঠনৰ নেতা-কৰ্মীয়ে বিজেপি হুছিয়াৰ, বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অখিল গগৈক মুক্তি দিয়ক আদি শ্ল’গানেৰে উত্তাল কৰে শিমলুগুৰি টাউন।
আনহাতে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীপাৰত জোঁৰলৈ সমদল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কেইবাশতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে হাতে হাতে জোঁৰলৈ চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি উত্তাল প্ৰতিবাদ কৰে।
আনহাতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত আজি চাবুৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসমীয়া যুৱ মঞ্চই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰযন্ত্ৰই বাৰম্বাৰ ফেচিবাদী চৰিত্ৰ উদঙাই অখিল গগৈক গ্ৰেপ্তাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
অসমীয়াক ৰক্ষা কৰিবলৈ মাত মাতিলে যদি গ্ৰেপ্তাৰ হ’বলগীয়া হয় তেন্তে অসমীয়া জাতী ধ্বংস হ’বলৈ বেছি দিন নাই বুলি কৈ সময় থাকোতেই অসমীয়া জাগিবৰ হ’ল বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে৷ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সাহসেৰে থিয় দিয়া একমাত্ৰ ব্যক্তিজনেই হ’ল অখিল গগৈ বুলিও কয় প্ৰতিবাদকাৰীসকলে৷