
ৰঙিয়াঃ ২০১৪ বৰ্ষতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰঙিয়া চহৰৰ মাজ মজিয়াত স্থাপন কৰিছিল এখন আদৰ্শ চিকিৎসালয়৷ প্ৰায় এটা বছৰৰ ভিতৰত ঠিকাদাৰে আটকধুনীয়াকৈ চূণ-তেল সানি চিকিৎসালয় খনৰ গৃহ নিৰ্মাণ কৰে৷ যোৱা প্ৰায় তিনিটা বছৰ চিকিৎসালয়ত তলা ওলমি আছে৷ চিকিৎসক, নাৰ্ছ নথকাৰ লগতে গেটত তলা ওলমি থকা কাৰ্যই ক্ষোভিত কৰি তুলিছে ৰাইজক৷
বিভিন্ন সময়ত ৰাইজে চিকিৎসালয় চিকিৎসক নিযুক্তি দি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ তাৰ মাজতে, ৰঙিয়াত মডেল হস্পিতাল কাৰ্যক্ষম কৰাৰ দাবীত গৰিয়া যুৱ-ছাত্ৰ পৰিষদে সোমবাৰে প্ৰতিবাদ সাব্যস্ত সকৰে৷ সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে চিকিৎসালয় চিকিৎসা সেৱা আৰম্ভ কৰিবলৈ দাবী জনায় চৰকাৰক।
২০১৪ চনতে নিৰ্মাণ কাৰ্য সমাপ্ত হোৱা চিকিৎসালয়খন মুকলি নকৰাত স্বাস্থ্য মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে। গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে চিকিৎসালয়খন মুকলি কৰাৰ দাবী জনায়। স্বাস্থ্য মন্ত্ৰী হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মডেল হস্পিতাল অতি শীঘ্ৰে মুকলি কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে।