
বিহালীঃ খাটি খোৱা শ্ৰমিকৰ বাবে পুনৰ আন্দোলনত নামিব লগা হ’ল ছাত্ৰ সংগঠন৷ আইন সকলোৰে বাবে সমান বুলি কোৱা হয় যদিও বিশ্বনাথত দৰিদ্ৰৰ বাবে যেন সেই আইনে কাম কৰিব খোজা নাই৷ ন্যায়ৰ বাবে দুমাহ সংগ্ৰাম কৰি দৰিদ্ৰ শ্ৰমিকে আজুৰি আনিছিল নিজৰ প্ৰাপ্য অধিকাৰ৷ কিন্তু কৰবাত নহয় কৰবাত যেন অদৃশ্য শক্তিয়ে কাৰোবাৰ হাত বান্ধি থৈছে৷ যাৰ বাবে সকলো দেখি শুনি সকলোৱে চকু মুদি আছে৷
দৰিদ্ৰ শ্ৰমিক, তেওলোকৰ সন্তানৰ অমূল্য সময় পাৰ হৈ গৈছে৷ প্ৰায় ২ মাহ ধৰি নেৰা-নেপেৰা আন্দোলনৰ অন্তত বিজয় উসৱ পালন কৰিলেও বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বৰগাঁও(নিউ কেটলা)চাহ বাগিচাৰ শ্ৰমিকসকলে নাপালে ন্যায়৷ প্ৰায় তিনিমাহ ধৰি দৰিদ্ৰ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল বৰগাওঁ(নিউ কেটলা)চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে৷ বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি প্ৰথমে আবেদন কৰিছিল প্ৰায় চাৰিমাহ পুৰ্বে৷
এম্বুলেঞ্চ, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিছাৰি আবেদন-নিবেদন কৰাৰ লগতে প্ৰতিবাদো কৰিব লগা হৈছিল৷ এম্বুলেঞ্চ, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিচৰাৰ অপৰাধত মালিক ৰাজীৱ প্ৰিন্সাই বাগিচাখন লক আউট কৰি দিয়ে৷ বাগিচা খনত তলা ওলোমাই দিয়াত শ্ৰমিকসকলে হাহাকাৰ কৰিব লগা হয়৷ এদিন হাজিৰা নকৰিলে এসাজ ভাত খাব নোপোৱা শ্ৰমিকসকলে প্ৰতিবাদ কৰিব লগা হয়৷
যোৱা দুমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনাইছিল বাগিচা খনৰ তলা খুলি দিয়াৰ বাবে৷ তলা খুলি নিদিয়াত শ্ৰমিকসকল কৰ্মহীন হৈ পৰাত পৰিয়াল চলাব নোৱোৰা হৈ পৰে৷ লঘোণে-ভোকে সময় পাৰ কৰা শ্ৰমিকক ন্যায় দিবলৈ প্ৰশাসন তথা চৰকাৰ নিৰ্বিকাৰ হৈ পৰা দেখা গৈছিল৷ শ্ৰমিকৰ আন্দোলনক গুৰুত্ব প্ৰদান কৰা নাছিল চৰকাৰ, প্ৰশাসন কিম্বা বাগিচাৰ মালিকে৷ ভোকাতুৰ শ্ৰমিকসকলেও ৭১ সংখ্যক স্বাধীনতা দিবস অৰ্ধ-উলংগ হৈ পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
দেশে ৰঙীন স্বাধীনতা দিৱস পালন কৰিছিল আনফালে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ কৰিছিল শ্ৰমিকসকলে৷ অৰ্ধ উলংগ হৈ শ্ৰমিকসকল ল'ৰা-ছোৱালীৰ সৈতে হাতত কাহী-বাতি লৈ পতাকা উৰুৱায়৷ ৰাষ্ট্ৰীয় সংগীত গায় চিঞঁৰি চিঞঁৰি কৈছিল "স্বাধীনতা, আমাক ভাত লাগে, আমাক ৰুটী লাগে, আমাক কাপোৰ লাগে, আমাক কাম লাগে৷" তাৰ পাছতে খাটি খোৱা শ্ৰমিকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ গোচৰ ৰুজু কৰে প্ৰশাসনে৷
মালিকৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শ্ৰমিকসকলে গোচৰৰ সন্মুখীন হ’ব লগা হ’য়৷ শ্ৰমিকসকলে আমাক ন্যায় দিয়াৰ পৰিৱৰ্তে প্ৰশাসনে দেশদ্ৰোহী সজাব বিছাৰিছে বুলি অভিযোগ উত্থাপন কৰ৷ তাৰ মাজতে শ্ৰমিকসকলৰ মাজলৈ আহিল সুখবৰটো৷ অৱশেষত ১৬ চেপ্তেম্বৰত বৰগাঁও চাহ বাগিচাৰ লক আউটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে অসম চৰকাৰে। চাহ শ্ৰমিকৰ বাবে আৰু ট্ৰেড ইউনিয়ন আন্দোলনৰ বাবে এক বৃহৎ জয় ধৰি লব পাৰি। সোমবাৰে অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘ, চিপিআই এম-এল আৰু বিপ্লৱী যুৱ সন্থাৰ সহযোগত বৰগাঁও চাহ-বাগিছাৰ শ্ৰমিকসকলৰ ঐতিহাসিক বিজয় সমদল উলিয়ায় আনন্দিত হৈ পৰে।
বে-আইনী ভাবে দুমাহধৰি বন্ধ থকা বৰগাঁও বাগিছাৰ লক-আউট প্ৰত্যাহাৰৰ নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হ'ল চৰকাৰে। যাৰ বাবে শ্ৰমিকসকলে বিজয়ী সমদল উলিযায়৷ অসম চৰকাৰে এই লক আউটৰ ধাৰাবাহিকতাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাত অযথা বিলম্ব কৰি চাহ শ্ৰমিক সকলক অবৰ্ননীয় দুৰ্যোগৰ ফালে দি শ্ৰমিক সকলক আত্মসমৰ্পন কৰা পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আনকি উদং গাৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ বাবে শ্ৰমিক সকলৰ ওপৰত দেশদ্ৰোহিতাৰ গোচৰ জাপি দি শ্ৰমিকৰ মনোবল ধংস কৰিবলৈ চেষ্টা কৰিছিল।
কিন্তু চাহ শ্ৰমিক সকলৰ আপোচবিহীন দৃঢ় স্থিতিৰ সন্মুখত নতশিৰ হ'বলৈ বাধ্য হ'ল চৰকাৰখনে কিম্বা প্ৰশাসন। শ্ৰমিকসকলক ন্যায় প্ৰদানৰ দাবীত প্ৰশাসনৰ বিৰুদ্ধে কেবাটাও দল-সংগঠনে ২৩ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷ গুৱাহাটী প্ৰেছ ক্লাৱত বিহালীৰ কেইবাগৰাকী যুৱকৰ নেতৃত্বত এখন নাগৰিক সভা অনুষ্ঠিত কৰি দল-সংগঠনে বাগিচাৰ মালিকক সকীয়াই দি শীঘ্ৰে বাগিচা খনৰ তলা খুলি দাবী জনাইছিল৷ কিন্তু ইমানৰ পিছতো বাগিচাৰ তলা খুলিব নোৱাৰিলে প্ৰশাসনে৷ বাগিচাৰ ভিতৰত সোমাব পৰা নাই শ্ৰমিকে৷
আজিও এসাজ খাই এখাজ লঘোনে আছে শ্ৰমিকসকল৷ বিশ্বনাথ জিলা উপায়ুক্তই চৰকাৰী নিৰ্দেশক আওকান কৰি বৰগাঁও চাহ-বাগিচাৰ মালিকৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপৱযন কৰি পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিল বিশ্বনাথ জিলা৷ বৰগাঁও চাহ-বাগিচাৰ লকআউটৰ ওপৰত নিষেধাজ্ঞাৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ দাবীত এইবাৰ প্ৰতিবাদত নামিল ৰাইজ৷ বাগিচাৰ শ্ৰমিক সকলক কালি পূজাৰ পুৰ্বে বোনাচ দিয়াৰ দাবীত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে।
কাৰ্যসূচীত অংশগ্ৰহন কৰে কৃষক মহাসভাৰ অনন্ত হাজৰিকা, লক্ষীকান্ত কূৰ্মী, লাচিত দাস, অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী আৰু সম্পাদক কৃষ্ণ পাইক, বিপ্লৱী যুৱ সন্থাৰ পৰিমল গোঁড়, জ্যোতিপ্ৰসাদ বৰা, ধনঞ্জয় দাস বিকাশ চুব্বা, চিপিআই এম-এলৰ বিশ্বনাথ জিলা সম্পাদক লীলা শৰ্মাৰ লগতে প্ৰায় তিনি শতাধিক চাহ-শ্ৰমিকে।
প্ৰায় তিনিমাহ ধৰি বৰগাঁও চাহ-বাগিচাৰ মালিক ৰাজীৱ প্ৰিন্সাই বাগিচাখন লক-আউট কৰি ৰখাৰ পিছত ১৬ ছেপ্তেম্বৰত অসম চৰকাৰে লকআউটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি তাৎক্ষনিকভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে যদিও বিশ্বনাথ জিলা প্ৰশাসনে এই নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি শ্ৰমিকসকলক পুনৰ আন্দোলন কৰিবলৈ বাধ্য কৰে। এখন চৰকাৰৰ চৰকাৰী নিৰ্দেশনাক প্ৰশাসনে এনেদৰে অৱঞ্জা কৰাটো দুৰ্ভাগ্যজনক বুলি কয় স্থানীয় সংগঠনে৷ এতিয়া প্ৰশ্ন হ'ল-চৰকাৰী নিৰ্দেশ কাৰ্যকৰী কৰি সাংবিধানিক দায়িত্ব পালন কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনক বাধ্য কৰাব কোনে? চৰকাৰে, নে ৰাইজে?