
নলবাৰীঃ ঔষধৰ ওপৰত আৰোপিত জি এছ টি উঠাই লোৱাৰ দাবীত নলবাৰী বৃহস্পতি বাৰে চি আৰ ইউ নলবাৰী জিলা কমিটিৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে উপায়ুক্তৰ জৰিয়তে দেশৰ বিত্ত মন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আৰম্ভণিতে নলবাৰী চহৰত এক প্ৰতিবাদী সমদল উলিওৱা হয়।
সমদলত ভাগ লোৱা ঔষধ বিতৰক সকলে ‘ঔষধৰ দাম কমাই দিয়ক’, ‘ঔষধৰ ওপৰত আৰোপিত জি এছ টি উঠাই লওক’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘নৰেন্দ্ৰ মোডী হায় হায়’, ‘শ্ৰমিক ঐক্য জিন্দাবাদ’, ‘চি আৰ ইউ জিন্দাবাদ’ আদি শ্লোগানেৰে চহৰখন উত্তাল কৰি তোলে৷
পিছত নলবাৰী নাট্য মন্দিৰৰ সন্মুখত চি আৰ ইউৰ জিলা সভাপতি অসীম কুমাৰ দাসৰ সভাপতিত্বত হোৱা চমু পথসভাৰ আঁত ধৰে জিলা সম্পাদক ৰাতুল বৰ্মনে। সভাত চি আৰ ইউৰ কেন্দ্ৰীয় সম্পাদক নৃপেন কলিতাই ভাষনত কয় যে, কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে বহু জাতিক আৰু দেশীয় কোম্পানি সমূহক নাকি লগোৱাত ব্যৰ্থ হৈছে। জীৱন দায়ীনি ঔষধৰ দাম বৃদ্ধি হৈ আছে। কেন্দ্ৰৰ নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী ব্যৰ্থ হৈছে। বিজেপি চৰকাৰ এই ক্ষেত্ৰত নিমাত। বন্ধ হৈ থকা ৰাজহুৱা ঔষধৰ কোম্পানী সমূহ খোলাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কোনো পদক্ষেপ নাই।
অতি কম দামত ঔষধ তৈয়াৰ কৰিব পাৰি বুলি দোহাৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতা গৰাকীয়ে আকৌ কয় ইয়াৰ প্ৰতিবাদত অহা ১৩ নৱেম্বৰত মুম্বাইত কেন্দ্ৰীয় চৰকাৰৰ ঔষধ নীতিৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব সৰ্বভাৰতীয় সংগঠন এফ এম আৰ এ আইৰ উদ্যোগত। উক্ত কাৰ্যসূচীত অসমৰ পৰাও মেডিকেল ৰিপৰেজেনটিভ সকলে যোগদান কৰিব বুলিও উল্লেখ কৰে।