কাৰ্বি আংলংঃ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যেৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত চলি থকা গুণোৎসৱৰ মাজতে ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ’ল এগৰাকী প্ৰধান শিক্ষক৷ শুকুৰবাৰে পশ্চিম কাৰ্বি আংলঙৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ অভিভাৱকে। 

পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং শিক্ষা খণ্ড অন্তৰ্গত হাৱাইপুৰ অঞ্চলত অৱস্থিত মচকা এল পি স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰধান শিক্ষকে নিজৰ দুচকীয়া বাহনখন ধুব দিয়াৰো গুৰুতৰ অভিযোগ তুলিছে অভিভাৱক সকলে। 

একাংশ ছাত্র-ছাত্ৰীয়ে প্ৰধান শিক্ষক গৰাকীয়ে নিজৰ কামত ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰ কৰাৰ কথা প্ৰকাশ কৰাৰ পাছতে প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে অভিভাৱক আৰু স্থানীয় ৰাইজ৷ 

ইফালে ছাত্র-ছাত্ৰী, স্থানীয় ৰাইজৰ লগতে অভিভাৱ সকলে কৰা গুৰুত্বপূৰ্ণ অভিযোগৰ বিপৰীতে প্ৰধান শিক্ষকে আত্ম পক্ষ সমৰ্থনেৰে একেষাৰে অভিযোগ অস্বীকাৰ কৰিছে। 

আনফালে কোন সচাঁ কোন মিচা সেয়া প্ৰমাণ কৰাৰ স্বাৰ্থত সচেতন মহলে বিষটোত উৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰপেক্ষ হস্তক্ষেপ কামনা কৰিছে৷