
গোলাঘাটঃ সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন সদৌ টাই আহোম যুৱ পৰিষদে আগবঢ়োৱা লাচিত বৰফুকন বঁটা প্ৰাপক ড হীৰেণ গোঁহাই আৰু জয়ন্ত বৰুৱাৰ লগতে আহোম জনগোষ্ঠীৰ বিৰুদ্ধে এটা ব্যক্তিগত চেনেলত বিৰূপ মন্তব্য কৰিছিল ৰাজ্যৰ মদগৰ্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
ইয়াৰ পাছতেই মানসিক বিকাৰগ্ৰস্ত লোকৰ দৰে হিমন্ত বিশ্ব শৰ্মাই অসমখনক ভাগ ভাগ কৰি আধুনিক মোগলৰ পক্ষ লৈছে বুলি অভিযোগ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আটাছুৱে৷ শুকুৰবাৰে গোলাঘাট নগৰত মন্ত্ৰীজনৰ পুত্তলিকা দাহ কৰি স্বাভিমানী মন্ত্ৰীগৰাকীৰ কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷
অনাগত দিনত আহোম জনগোষ্ঠীক হেয় কৰিলে যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ সকিয়নি দিয়ে সংগঠনটোৰ জিলা সম্পাদকদ্বয় পংকজ গগৈ আৰু ধ্ৰুৱজ্যোতি শইকীয়াই। আনহাতে প্ৰতিবাদস্থলীত জিলা কাৰ্যকৰী সভাপতি কৃষ্ণ গগৈয়ে অভিযোগ উত্থাপন কৰি কয় যে অসমৰ ২২ খন কলেজ আৰ এছ এছৰ প্ৰচাৰক দীনদয়াল উপাধ্যায়ৰ নামত দি হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে।
শিক্ষাৰ সাম্প্ৰদায়িকীকৰণৰ বিৰোধিতা কৰি কলেজসমূহৰ নাম অসমৰ বৰেণ্য ব্যক্তি সকলৰ নামত দিবলৈ দাবী জনাই আটাছুৱে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ প্ৰচাৰ সম্পাদক গৌতম লাহনে।