শুক্লাইঃ কথাত কটা যায়, কথাত বঁটা পায়৷ পিছে কথা কৈ বঁটা নাপালে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰীয়ে৷ কিছুদিন আগত অসমৰ চাহ বাগিচাৰ লোকক প্ৰৱজনকাৰী বুলি অভিহিত কৰি আৰু ভুমি পট্টা পোৱাত আপত্তি আছে বুলি ব্যক্ত কৰি দল সংগঠনৰ ৰোষত পৰিল জনকলাল৷

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীৰ এনে বিতৰ্কিত মন্তব্যৰ পাছত ৰাজ্যৰ বিভিন্ন ঠাইৰ দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷   সোমবাৰে সদৌ অসম আদিবাসী ছাত্ৰসন্থাৰ আটাৰীখাট আঞ্চলিক সমিতিয়ে জনকলালৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতিগৰাকীৰ পুত্তলিকা দাহ কৰে৷

থলুৱা মানুহৰ প্ৰকৃত জ্ঞান নথকা জনকলাল বসুমতাৰীৰ মন্তব্য দুৰ্ভাগ্যজনক আৰু বৈষম্যমূলক অভিহিত কৰি ক্ষোভ প্ৰকাশ কৰে আছাৰ আটাৰীখাট আঞ্চলিক সমিতিৰ সম্পাদকগৰাকীয়ে৷