
মোৰাঝাৰঃ সাংসদ তথা ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধে আজি সমষ্টিৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷
হোজাই জিলাৰ মোৰাঝাৰত পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ এটি জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অকচেক পথাৰ গাঁও পঞ্চায়তৰ ৰাইজে ৰোহিনী পথাৰ-দীঘলজাৰ পথ মেৰামতিৰ দাবীত হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰায় ৪ কিঃ মিঃ পথ নিৰ্মাণৰ দাবীত আজি দিনৰ ১০ বজাত পথটোৰ বোকাত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ নেৰানেপেৰা বৰষুণৰ মাজতে পঞ্চায়তৰ দালাল ৰাজ বন্ধ কৰা, সচিব বদলি কৰা, পথটো নিৰ্মাণ কৰা আদি শ্ল’গানেৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।
প্ৰতিবাদৰ অন্তত ৰোহীনি পথাৰ গাঁৱত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। স্থানীয় ৰাইজে আহ্বান কৰা সভাৰ আতঁধৰে যুৱ নেতা আবুল হুছেইনে। সভাত কেইবাজনো নাগৰিকে বক্তব্য প্ৰদান কৰি পঞ্চায়ত সভানেত্ৰী হুচনা বেগম আৰু তেওঁৰ অঙহী-বঙহীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি শীঘ্ৰে পথটো মেৰামতিৰ দাবী জনায়৷