কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটিত নিৰ্মিয়মান বঙাইগাঁও তাপবিদ্যুত প্ৰকল্পত স্থানীয় যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত বঞ্চনা কৰাত শুকুৰবাৰে উত্তাল হৈ পৰে ছালাকাটি। ছালাকাটিৰ শ্ৰমিক ইউনিয়ন পৰিষদৰ উদ্যোগত ছালাকাটিস্থিত এনটিপিচিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় পাঁচ শতাধিক স্থানীয় ৰাইজ, যুৱক-যুৱতীয়ে হাতে হাতে বেনাৰ ফেষ্টুন লৈ এনটিপিচিৰ বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

শ্ৰমিক ইউনিয়নৰ সভাপতি হৰিশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে আমাৰ দাবী নাৰ্য দাবী, থলুৱা ৰাইজক কৰ্ম সংস্থাপনৰ সুযোগ দিয়ক, শ্ৰমিকসকলক পিএফৰ অন্তৰ্ভূক্তি কৰক আদি শ্ল’গানেৰে এনটিপিচিৰ কাৰ্যালয় চৌহদ কঁপাই তোলাৰ লগতে এনটিপিচি কৰ্তৃপক্ষলৈ পাঁচদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

স্মাৰকপত্ৰ অনুসৰি স্ব-বেতনসহ সাপ্তাহিক ছুটী, সকলো শ্ৰমিকক পিএফত অন্তৰ্ভূক্তিকৰণ, পূৰ্বৰ বিটিপিচৰ অভিজ্ঞ শ্ৰমিকক সংস্থাপন দিয়া, তাপবিদ্যুত প্ৰকল্পৰ নামত মাটি যোৱা পৰিয়ালক চাকৰি প্ৰদান আৰু স্থানীয় যুৱক-যুবতীক কৰ্মসংস্থান প্ৰদানৰ দাবীত প্ৰতিবাদকাৰীসকলে  এনটিপিচিৰ কৰ্তৃপক্ষৰ ওচৰত পাঁচদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে।