নগাঁও টাউনঃ নগাঁৱত প্ৰাক্তন আলফাৰ ওপৰত অনা-অসমীয়াৰ আক্ৰমনৰ পাছত খিলঞ্জীয়াৰ ক্ষোভত জ্বলিছে সমগ্ৰ ৰাজ্য৷ নগাঁও কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰি মঙলবাৰে নগাঁৱৰ কাছমাৰী বহুৱাভেটিত স্থানীয় ৰাইজে জোঁৰ সমদল উলিয়ায়৷

প্ৰতিবাদকাৰী সকলে অবৈধ বাংলাদেশী হুঁচিয়াৰ, দুস্কৃতিকাৰী সাৱধান, অসমত অসমীয়াৰ প্ৰভূত্বহে চলিব, অনা-অসমীয়া হুঁচিয়াৰ আদি প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ নগাঁৱৰ সাতামপুৰুষীয়া শান্তি শৃংখলাৰ পৰিৱেশ বিনষ্ট কৰিব বিচৰা অপশক্তিবোৰক তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দি প্ৰতিবাদকাৰীসকলে ভৱিষ্যতে তেনে অপশক্তিক ৰাইজৰ কাঠগড়াত বিচাৰ কৰি উপযুক্ত শাস্তি বিহা হ'ব বুলি হুংকাৰ দিয়ে।

আনহাতে, ২২ আগষ্টৰ নগাঁও কাণ্ডত বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলক আইনী প্ৰক্ৰিয়াৰ মাজেৰে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। নগাঁও চহৰৰ সমীপৱৰ্তী কাছমাৰী বেজৰগাঁও চাৰিআলিৰ পৰা আৰম্ভ হোৱা সমদলটোৱে বৰভেটি তিনিআলিহৈ প্ৰায় তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি পুণৰ বেজৰগাঁও চাৰিআলিত উপস্থিত হয়৷

জোঁৰ সমদলত শিমলুগুৰি, বৰাগাঁও, বামুণগাঁও, টকৌবাৰী, বহুৱাভেটি, মহেখোঁচা,বৰভেটি,বেজৰগাঁওকে ধৰি প্ৰায় দহখনতকৈ অধিক গাঁৱৰ তিনিশতাধিক ৰাইজে অংশ লয়।