
newsnextone.com | গোৰেশ্বৰঃ এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি স্বদেশীক বিদেশী সজোৱাৰ প্ৰতিবাদত মঙংলবাৰে উত্তাল হৈ পৰে বাক্সা জিলাৰ গোৰেশ্বৰ। বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনে প্ৰকৃত ভাৰতীয় লোকক বিদেশী সজোৱাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি গোৰেশ্বৰত ফেডাৰেছনৰ উদ্যোগত গোৰেশ্বৰত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলা মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী গ'বেক ধ্বনি দি কঁপাই তোলে গোৰেশ্বৰৰ আকাশ-বতাহ।
এনআৰচিৰ ১৫ টা নথি বাহাল ৰখা, এনআৰচিৰ নামত চক্ৰান্তমূলকভাৱে প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা আৰু স্বদেশীক বিদেশী বনোৱাৰ প্ৰতিবাদত সাব্যস্ত কৰি বেংগলী ফেডাৰেশ্যনৰ ওডালগুৰি আৰু বাক্সা জিলা সমিতিয়ে গোৰেশ্বৰ গড়কাপ্টানী বিভাগৰ পৰিদৰ্শন বাংলা প্ৰাংঙ্গনত ৰূপায়ণ কৰে তিনি ঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী। দুয়োখন জিলাৰ পৰা অহা সহস্ৰাধীক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলা মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী গ'বেক, বেংগলীৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে গোৰেশ্বৰৰ আকাশ বতাহ কঁপাই তোলে।
কাৰ্যসূচীত অংশলৈ বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে এনআৰচিৰ নামত প্ৰকৃত ভাৰতীয়ই হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ লগতে বিদেশী ন্যায়াধীকৰণ গোচৰৰ নামত বহু ভাৰতীয়ই আনকি গৰু-ছাগলী বিক্ৰী কৰি হ’লেও গোচৰত দৌৰা-দৌৰি কৰিবলগীয়া হোৱাত সৰ্বশ্ৰান্ত হৈ পৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
প্ৰতিবাদী কাৰ্যসূচীত বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টা শ্যামল সৰকাৰ আৰু সভাপতি মণ্টু দেই এনআৰচিৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ লগতে সংগঠনটোৰ দাৱী সমূহ কাৰ্যকৰীকৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। অন্যথা বেংগলী ফেডাৰেশ্যনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে।
কাৰ্যসূচীৰ অন্তত সংগঠনটোৰ নেতৃত্বই গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতৰ মুখ্য ন্যায়াধীশলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।