টিংখাংঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাই বৃহস্পতিবাৰে অইলৰ চাকৰি সংৰক্ষণ কৰাৰ দাবীত ডিব্ৰুগড় জিলাৰ টিংখাঙত প্ৰতিবাদ সাব্যস্ত কৰে৷ সাপকাইটস্থিত অচিএচৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে ৫ ঘন্টীয়া ধৰ্মঘট পালন কৰে৷

ধৰ্মঘটত সংগঠনটোৰ নেতা-কৰ্মীয়ে চৰকাৰ আৰু অইলৰ বিৰুদ্ধে শ্ল’গান দি পৰিবেশৰ সৃষ্টি কৰে৷ অইলত ৩০ শতাংশ চকৰি চাহ জনগোষ্ঠীয় লোকৰ বাবে সংৰক্ষণৰ কৰাৰ দাবী জনায় সংগঠনটোৱে৷ আনহাতে অইলক ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্ত বাতিল কৰা, অইলৰ খনন কাৰ্যৰ নামত চাহ বাগিচা উচ্ছেদ বন্ধ কৰাৰ দাবী জনায়৷