
লংকাঃ লংকাত যোৱা ১৫ ছেপ্টেম্বৰত গাড়ী চালকক লংকাৰ এগৰাকী বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগত সেইদিনা দুপৰীয়াৰ ভাগত উত্তাল হৈ পৰিছিল লংকা চহৰ৷ লংকাৰ বিজেপিৰ মণ্ডল কমিটিৰ সম্পাদক পাপু দে নামৰ লোকজনে এখন বাহনৰ গাড়ী চালকক ৰাজপথৰ ওপৰতে প্ৰহাৰ কৰাৰ অভিযোগ তুলি যোৱা ১৫ ছেপ্টেম্বৰত লংকা বাছ চালক সন্থাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাবস্ত্য কৰাৰ লগতে পাপু দে অতি শীঘ্ৰে উচিত শাস্তি বিহাৰ দাবী তুলিছিল৷
আনহাতে সেই চালকক আক্ৰমণ কৰাৰ ঘটনাৰ আঁত ধৰি মংগলবাৰে সন্ধিয়া এক অভিনৱ কাৰ্যসূচীৰে লংকা বাছ চালক সন্থাই বিজেপি কৰ্মী গৰাকীয়ে উচিত শাস্তি পোৱাৰ দাবীত এক সৱ ধৰ্ম পাঠ কাৰ্যসূচীৰে বিজেপি কৰ্মী পাপু দেৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
লংকা বাছ আস্থানৰ কনকলতাৰ প্ৰতিমূৰ্ত্তিৰ সমীপত এই অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰে লংকা বাছ চালক সন্থাই৷ আনহাতে চালক সন্থাই অভিনৱ প্ৰতিবাদ কাৰ্যসূতীৰ জৰিয়তে বিজেপি কৰ্মীৰ এনে বৰ্বৰতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু নেদেখা জনৰ চৰনত দোষীৰ উচিত শাস্তিৰ বাবে প্ৰাৰ্থনা কৰে৷