বঢ়মপুৰঃ হাতত কঠিয়া লৈ ঘৰৰ পৰা ওলাইছে এজাক মহিলা৷ জাক পাতি অহা মহিলাগৰাকীয়ে বাৰিষাৰ বোকা পানীৰ পথাৰত যাবলৈ জাক পাতি অহা নাই৷ কঠিয়া হাতত লৈ ক্ষোভৰ বহিঃ প্ৰকাশ ঘটাবলৈকেহে আহিছে মহিলাসকল৷

এই মহিলাসকল হ’ল এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা বিধান সভা সমষ্টিৰ৷ মহিলাসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ কাম নকৰাৰ অভিযোগ উত্থাপন কৰে৷ বাট-পথৰ কদৰ্য অৱস্থাৰ বাবে এজাক বৰষুণতে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হয় বুলিও অভিযোগ কৰে৷

যাৰ বাবে তেওলোকে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পদুলিত ভূঁই ৰুই ক্ষোভ ব্যক্ত কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিৰ বাট-পথৰ দুৰৱস্থাৰ বাবে কিছুদিন পূৰ্বে সমষ্টিটোৰ বামুনীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷

ইয়াৰ পিছত শনিবাৰে সমষ্টিটোৰ পুৰণিগুদামত মহিলাসকলে দলে-বলে ওলাই আহি পথত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।

পুৰণিগুদামৰ গড়মূৰ, ভৰাগুৰি, পদুমনি, বৰদল, উদমাৰি আদি বৃহত্তৰ অঞ্চলক সংযোগ কৰা পথটো সুদীৰ্ঘ প্ৰায় ২৫ বছৰে জৰাজীৰ্ণ তথা খলা, বমা সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈ আছে৷

ছাত্ৰ-ছাত্ৰী, ৰোগী, চাকৰিয়াল, ব্যৱসায়ী আদিয়ে পথটোৰে আহ-যাহত ব্যাপক সমস্যাত পৰাত ক্ষোভিত হৈ পৰে স্থানীয় মহিলাসকল৷ সেয়ে পুৰণিগুদামৰ পথাৰৰ আগ নামৰ ঠাইত পথটোৰ পুখুৰী সদৃশ গাতসমূহত স্থানীয় ক্ষুব্ধ মহিলা-শিশুৱে ভূঁই ৰুই প্ৰতিবাদ কৰে।

এনেদৰে সকলোৱে একেমুখে ক্ষোভ উজাৰি সমষ্টিৰ বিধায়ক তথা প্ৰক্তন মুখ্যমন্ত্ৰীগৰাকীক ধিক্কাৰ দিয়ে। বছৰ-বছৰ ধৰি চৰম অবহেলাৰ সন্মুখীন হৈ অহা বুলি অঞ্চলটোৰ লোকসকলে অভিযোগ কৰি অঞ্চলটোৰ ৰাইজৰ দুৰৱস্থাৰ প্ৰতি গুৰুত্ব দিবলৈ দাবী জনায়।